NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰী মোদীৰ কান্ধত মূৰ থৈ উচুপি উঠিল ইছৰোৰ মুৰব্বী শিৱান

September 7, 2019 11:45 am · এন ই নাও নিউজ

চন্দ্ৰযান-২ৰ সৈতে ইছৰোৰ সম্পৰ্ক ছিন্ন হোৱাৰ পাছত বিজ্ঞানীসকলৰ উৎসাহ বৃদ্ধি কৰিবলৈ প্ৰধান মন্ত্ৰী মোদী শনিবাৰে পুৱাই বাংগালোৰত থকা ইছৰোৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়।

ইয়াত তেওঁ ইছৰোৰ মিছনত জড়িত বিজ্ঞানীসকলক কয়,’’ এই চন্দ্ৰযান-২ অভিযান ব্যৰ্থ হোৱাৰ পাছতো আমি উৎসাহ হেৰুওৱা নাই আৰু আমাৰ সাহস মজবুত হৈছে।‘’

প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰি কয় যে চন্দ্ৰযানৰ অন্তিম ভাগ আশানুকুল নহ’ল যদিওআমি এইটোও মনত ৰাখিব লাগিব যে চন্দ্ৰযানৰ যাত্ৰা  অতি সুন্দৰ, প্ৰাণৱন্ত আছিল।

প্ৰধান মন্ত্ৰী মোদীয়ে যেতিয়া ইছৰোৰ পৰা আহিবলৈ ওলাওতেই ইছৰোৰ মুৰব্বী শিৱানে তেওঁক বিদায় জনাবলৈ আগবাঢ়ি আহে।

ইছৰোৰ মুৰব্বী শিৱানক সান্তনা দিছে প্ৰধান মন্ত্ৰী মোদীয়ে।

প্ৰধান মন্ত্ৰীক দেখিয়েই শিৱান আবেগিক হৈ পৰে। মোদীয়ে তেওঁক আলিংগন কৰে। এইখিনিতে শিৱানৰ দুচকুৰে অশ্ৰু নিগৰি আহে। প্ৰধান মন্ত্ৰী মোদীয়ে একেৰাহে বহুসময় ধৰি শিৱানৰ পিঠিত হাত বুলাই যায়।

শিৱানৰ আবেগ দেখি প্ৰধান মন্ত্ৰী মোদীও আবেগিক হৈ পৰে। শিৱানে বহু সময় ধৰি প্ৰধান মন্ত্ৰী মোদীৰ কান্ধত মূৰ থৈ উচুপি থাকে।

প্ৰধান মন্ত্ৰীয়ে তেওঁক উৎসাহ যোগাই কয় যে আমি নিশ্চিতভাৱে সফল হ’ম। এই অভিযানৰ পৰৱৰ্তী প্ৰয়াস আৰু তাৰ পৰৱৰ্তী সকলো প্ৰয়াসতে আমাৰ লগত থাকিব সফলতা।

চন্দ্ৰযান-২ অভিযানৰ বিজ্ঞানীসকলক প্ৰধান মন্ত্ৰী দিয়া সান্তনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু ভৱিষ্যত বিজ্ঞানীসকলেও যথেষ্ট উৎসাহ লাভ কৰিছে।

Related News