NORTHEAST NOW (Assamese)

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী প্ৰাৰ্থী জ’ বিডেনক টেলিফোনত শুভেচ্ছা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

November 18, 2020 9:05 am · এন ই নাও নিউজ
Updated: November 18, 2020 9:08 am
মোদী আৰু বিডেন, উৎস-ইণ্টাৰনেট

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জ’ বিডেনক টেলিফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে।

সদ্য ঘোষিত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হোৱা জ’ বিডেনক ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীয়ে।

ফোনযোগে হোৱা বাৰ্তালাপত দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে।

‘‘আমি কোভিড-১৯ মহামাৰী, জলবায়ু পৰিবৰ্তন, সন্ত্ৰাসবাদ দমণ আৰু ইণ্ডো-পেচিফিক ৰিজিঅ’নত সহযোগিতাৰ বিষয়ে আলোচনা কৰো আৰু এই বিষয় সমূহক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰো,’’ বিডেনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছত প্ৰধান মন্ত্ৰী মোদীয়ে এইদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, আমেৰিকাৰ সদ্যঘোষিত ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বিডেনে ৰিপাব্লিকান দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পৰাজিত কৰে।

বিডেনে বৰাক ওবামা ৰাষ্ট্ৰপতি হৈ থাকোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ চম্ভালিছিল।

Related News