NORTHEAST NOW (Assamese)

অসমৰ বাঁহ শিল্পী-উদ্যমীৰ কথা উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে ক’লে ‘মন কী বাত’

May 31, 2020 12:36 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

লকডাউনৰ মাজতে আজি আকৌ এবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।

প্ৰধান মন্ত্ৰীয়ে কয় যে দুমাহৰ লকডাউনৰ পাছত দেশত পুনৰ সকলোবোৰ খুলিবলৈ লোৱাৰ সময়ত আমি আৰু অধিত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে।

চৰকাৰে কৰ’নাৰে সৈতে সাৱধানতাৰে মোকাবিলা কৰিছে বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে কয় যে দেশৰ সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত কৰ’নাৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ চলাই থকা হৈছে।

প্ৰধান মন্ত্ৰীয়ে আকৌ এবাৰ দুই গজ দূৰত্ব মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধান মন্ত্ৰীয়ে কৰ’নাৰ সংকটৰ সময়ত নিৰৱিচ্ছিন্নভাৱে মানুহৰ সহায়ৰ বাবে লাগি থকা এনে কিছুমানৰ লোকৰ কথাও উল্লেখ কৰে।

তেওঁ পঞ্জাৱৰ পাঠানকোটৰ দিব্যাংগ ৰাজুৱে আনৰ সেৱাৰ বাবে সৰু পুঁজিৰে ৩০০০তকৈয়ো অধিক মাস্ক বনাই মানুহৰ মাজত বিতৰণ কৰাৰ লগতে ১০০ পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী গোটোৱাৰ কথা উল্লেখ কৰে।

সেৱাৰ মনোভাৱেৰে মানুহক সহায় কৰা এনে সকলো লোককে প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰশংসা কৰি তেওঁলোকলৈ আন্তৰিক অভিনন্দন জনায়।

প্ৰধামন্ত্ৰী মোদীয়ে লগতে কয় যে পূব ভাৰতৰ লোকসকলে দেশৰ অৰ্থব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তেওঁ উল্লেখ কৰে যে মহিলাৰ দ্বাৰা উৎপাদিত বাঁহৰ সামগ্ৰীৰ ব্যৱসায় কৰা অসমৰ সুদীপে অহা দুটা বছৰত নিজৰ সামগ্ৰীখিনিক এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড ৰূপে গঢ়ি তুলিব বুলি লিখিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ শ্ৰমিকসকলৰ দুৰ্দশাৰ কথা দেশবাসীয়ে অনুভৱ কৰা বুলি উল্লেখ কৰি ৰে’ল বিভাগ তেওঁলোকৰ সেৱাত নিৰন্তৰ লাগি থকা বুলি কয়।

প্ৰবাসী শ্ৰমিকসকললৈ চাই তেওঁলোকৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন হৈছে আৰু তাৰ বাবে চৰকাৰ আগবাঢ়িছে বুলি প্ৰধান মন্ত্ৰীয়ে কয়।

প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ গাঁও আৰু চহৰসমূহক শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰে।

তেওঁ কৰ’নাৰ বিৰুদ্ধে যুঁজখন দীঘলীয়া হ’ব বুলি উল্লেখ কৰি ইয়াৰ প্ৰত্যাহ্বান গ্ৰহম কৰি সুপৰিকল্পিতভাৱে আগবাঢ়িব লাগিব বুলিও কয়।

Related News