যোৱা ২৬ আগষ্টৰ পুৱা সংঘটিত হোৱা নেপালৰ বিধ্বংসী বানে অট্টালিকা, ঘৰ, গছ আৰু ইয়াৰ আগত পৰা সকলো উটুৱাই নিয়াৰ ঘটনাই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে। এই প্ৰলয়ৰ ফলত শ শ লোকৰ মৃত্যু হৈছে। তাৰ মাজতে এগৰাকী বিদ্যালয়ৰ অধ্যক্ষৰ উপস্থিত বুদ্ধিয়ে মৃত্যুৰ পৰা বচালে বহু জীৱন।
প্ৰচণ্ড সোঁতৰ আগত পৰি তিনিমহলীয়া স্কুল বিল্ডিং এটা সম্পূৰ্ণৰূপে উটুৱাই নিলে আৰু তাৰ কোনো লেখ-জোখ নাথাকিল। কিন্তু বিদ্যালয়ৰ অধ্যক্ষৰ তৎপৰতাৰ বাবে বিদ্যালয়খনৰ ১৬৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাইয়ে দুৰ্যোগৰ পৰা ৰক্ষা পৰে। সম্ভাৱ্য ট্ৰেজেডীৰ প্ৰতি ৰবীন্দ্ৰ দাদাবীৰ বুদ্ধিদীপ্ত সঁহাৰিয়ে ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে ৰক্ষা কৰিলে, জানো আহক।
কেনেকৈ দাদাবীয়ে সঠিক সময়ত বিপৰ্যয় ৰোধ কৰিবলৈ সক্ষম হৈছিল সেয়া দ্য টাইমছৰ সাংবাদিক ক্ৰীছ হাছলামে বৰ্ণনা কৰিছে। বানপানীয়ে বিধ্বস্ত কৰা বিদ্যালয়খন নুৱাকোট জিলাৰ বত্তাৰ অঞ্চলৰ ত্ৰিশুলি নদীৰ সমীপত অৱস্থিত। ক্ৰীছ হাছলামে কয় যে যেতিয়া দাদাবীয়ে অঞ্চলটোত বিধ্বংসী বানৰ বিষয়ে জানিব পাৰিলে, তেতিয়া তেওঁ তৎক্ষণাত “ঘণ্টা বজাই দিছিল, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীক ওখ ঠাইলৈ পঠিয়াই দিছিল, আনকি চৌহদলৈ আহি থকা বাছ চালকক ফোন কৰি পিছলৈ ঘূৰি যাবলৈ ক’বলৈও পাহৰা নাছিল।”
বিদ্যালয় আৰম্ভ হ’বলৈ ওলোৱা মুহূৰ্তৰ সেই দুৰ্যোগৰ দিনটোত ঘণ্টাত ৭৫ কিলোমিটাৰ বেগত ৩০ মিটাৰ উচ্চতাৰ বানৰ ঢৌৱে বিদ্যালয়খন থকা সেই মোৰটো চাৰিওফালে ছিঙি পেলায়। অধ্যক্ষৰ ঘৰকে ধৰি দুখন দলং আৰু নদীৰ পাৰত থকা সকলো ঘৰ ভাঙি পেলায়।
পাঁচ মাইল ওপৰত বাস কৰা ৰাজেন্দ্ৰ দাদাবীৰ বন্ধু বেত্ৰাৱতীয়ে যেতিয়া তেওঁক নদীৰ উগ্ৰ সোঁতৰ বিষয়ে সতৰ্ক কৰি দিছিল, তেতিয়া ৭০০ ছাত্ৰ-ছাত্ৰী খোজকাঢ়ি বা বাছেৰে আহি আছিল। দাদাবীৰ উদ্ধৃতিৰে দ্য টাইমছে কয়, “তেওঁ কৈছিল গাঁওখন নাইকিয়া হৈ গৈছে: নদীয়ে গিলি পেলাইছে। তেওঁ লগতে কয়, “তেওঁ মোক পলাবলৈ কৈছিল।”
সেই দুৰ্দশাৰ কলটোৰ পিছত দাদাবীয়ে খৰধৰ লগাই দিলে। দিনটোৰ কথাবোৰ কৈ ৪৭ বছৰীয়া ইংৰাজী শিক্ষকজনে কয়, “এজনৰ বাহিৰে সকলো চালকৰ ওচৰ পালোঁ আৰু পিছলৈ ঘূৰি যাবলৈ ক’লোঁ। তাৰ পিছত মই দেখিলোঁ যে মই যোগাযোগ কৰিব নোৱাৰা বাছখন দলঙেৰে আহি আছে। তেতিয়ালৈকে স্কুলৰ চৌহদত পানী সোমাইছিল — খুব বেগেৰে আহিছিল — গতিকে মই তেওঁক ঘূৰি যাবলৈ ক’লোঁ। দলংখন ভাঙি যোৱাৰ লগে লগে ই সিপাৰলৈ পাৰ হৈ গ’ল।”
মাত্ৰ এগৰাকী শিক্ষক কৰ্মচাৰীক হেৰুৱাৰ বাহিৰে দাদাবীৰ বুদ্ধিমত্তাই ১৬৪৩ জন শিশু আৰু আন সকলো শিক্ষকৰ জীৱন ৰক্ষা কৰিলে। এই কাণ্ডৰ পিছত নেপালীসকলে তেওঁক নায়ক বুলি প্ৰশংসা কৰিছে। নেপাল আৰক্ষীৰ তথ্য অনুসৰি এই প্ৰলয়ংকৰী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ৭৩৪ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰায় ৩০০০ লোক সন্ধানহীন হৈ আছে।





