NORTHEAST NOW (Assamese)

বিশ্বনাথ জিলা কাৰাগাৰত কাৰাবাসীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে শুকান বাঁহেৰে নিৰ্মিত সামগ্ৰীয়ে

October 22, 2021 1:39 pm · কাজী জেইদুল ইছলাম,বিশ্বনাথ
Updated: October 22, 2021 1:46 pm

উদ্যান সদৃশ পৰিবেশ সৃষ্টি বিশ্বনাথ জিলা কাৰাগাৰত ৷ কাৰাগাৰখনৰ চৌহদৰ দৃশ্য দেখিলে সঁচাকৈয়ে আপুনি ভাবিবলৈ বাধ্য হ’ব যে আচলতে আপুনি কোনো উদ্যানৰ ভিতৰত আছে নে কাৰাগাৰ চৌহদৰ ভিতৰত আছে।

বিশ্বনাথ জিলা কাৰাধ্যক্ষ ৰবিৰাম ইংতিৰ নেতৃত্বত বিশ্বনাথ জিলা কাৰাগাৰ চৌহদত কাৰাবন্দী সকলৰ দ্বাৰা নিৰ্মাণ কৰা কিছুমান সামগ্ৰীয়ে আপোনাক কৰিব মোহিত ।

কাৰাবন্দী সকলক সাক্ষাৎ কৰিবলৈ অহা লোকৰ জিৰণীৰ বাবে কাৰাবন্দীসকলে নিৰ্মাণ কৰিছে এনে সামগ্ৰী সমূহ।
সম্পূৰ্ণ বাহঁৰে নিৰ্মাণ কৰা এই চাফা আৰু টেবুল৷

কাৰাবন্দী সকলৰ হাতত শুকান বাঁহে প্ৰাণ পাই উঠিছে।

আনহাতে বৰ্তমান যুগত সকলোৰে প্ৰয়োজন হোৱা কাৰাবন্দীসকলে নিৰ্মাণ কৰা সামগ্ৰীৰ সৈতে আধুনিক কোম্পানীয়ে নিৰ্মাণ কৰা সামগ্ৰীয়েও ফেৰ মাৰিব নোৱাৰিব।

এইদৰেই বিশ্বনাথ জিলা কাৰাধ্যক্ষৰ নেতৃত্বত কাৰাবন্দীসকলে নিৰ্মাণ কৰা সামগ্ৰী সমূহ কাৰাগাৰ চৌহদত যোৱা লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

কাৰাবাসীসকলৰ মাজত থকা প্ৰতিভা সমূহ যাতে লুপ্তহৈ নাযায় আৰু কাৰাবাস অন্তৰ পিছত এটা সুন্দৰ জীৱনৰ আঁকোৱালি লয় তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনালে কাৰাগাৰখনৰ ভাৰপ্ৰাপ্ত অধীক্ষক বিশ্বজিৎ শইকীয়াই ৷

Related News