• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Kaziranga National Park- ত গঢ়ি উঠা অবৈধ নিৰ্মাণ উচ্ছেদৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 22, 2021 12:55 pm
Kaziranga National Park
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Kaziranga National Park ৰ ‘এনিমেল কৰিড’ৰ’ ত কৰা অবৈধ নির্মাণকার্যক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া ‘চেণ্ট্ৰেল এম্পাৱার্ড কমিটী’ (CEC)৷ ৰাষ্ট্রীয় উদ্যানখনত ইতিমধ্যে চিনাক্ত হোৱা ৯টা এনিমেল কৰিড’ৰত উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘাৰে কৰা সকলো ধৰণৰ নির্মাণ উচ্ছেদ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাক CEC এ নির্দেশ দিছে৷

যোৱা ৬ অক্টোবৰত CEC ৰ সদস্য সচিব অমৰনাথ শেট্টীয়ে মুখ্য সচিব বৰুৱালৈ প্রেৰণ কৰা এখন পত্রত স্পষ্টভাৱে কোৱা হৈছে– ‘উচ্চতম ন্যায়ালয়ে বিগত ২০১৯ চনৰ ১২ এপ্রিলত দিয়া ৰায় উলংঘা কৰি চলোৱা সকলো ধৰণৰ নির্মাণ শীঘ্রে উচ্ছেদৰ ব্যৱস্থা লওক৷ লগতে ইতিমধ্যে চিনাক্ত হোৱা ৯টা ‘এনিমেল কৰিড’ৰত কোনো নতুন নির্মাণকার্যৰ অনুমতি দিয়া নহয়৷’

CEC- এ এই সন্দর্ভত চাৰি সপ্তাহৰ ভিতৰত ‘একচন টেকেন ৰিপ’ট’ দাখিল কৰিবলৈও ৰাজ্য চৰকাৰক সময়সীমা নির্ধাৰণ কৰি দিছে৷

Apply Now

উল্লেখ্য যে বিগত ২০১৯ চনৰ ১২ এপ্রিলত উচ্চতম ন্যায়ালয়ে ৰাষ্ট্রীয় উদ্যানখনৰ ৯টা ‘এনিমেল কৰিড’ৰ’ এলেকাত সকলো ধৰণৰ নতুন নির্মাণকার্য আৰু খননত নিষেধাজ্ঞা আৰোপ কৰিছিল৷

কিন্তু দেশৰ শীর্ষ আদালতৰ এই ৰায় উলংঘা কৰি এনিমেল কৰিড’ৰত নির্মাণ কৰা হৈছে মন্দিৰ, দোকান, ৰেষ্টুৰেণ্ট, ধাবা, হোটেল, অট্টালিকা আদি৷

ৰোহিত চৌধুৰী ন্যাসৰ পৰিৱেশ কর্মী এজনে এই সন্দর্ভত দাখিল কৰা অভিযোগৰ ভিত্তিত কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ শ্বিলংস্থিত কার্যালয়ৰ বন উপ–মহাপৰিদর্শক (কেন্দ্রীয়) লাইটিটিআ জে ছয়েমিঙক এক পৰিদর্শন প্রতিবেদন দাখিলৰ নির্দেশ দিয়ে CEC- এ৷

সেইমর্মে কেন্দ্রীয় চৰকাৰৰ শীর্ষ বন বিষয়াগৰাকীয়ে ৰাষ্ট্রীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰৰ সৈতে যোৱা আগষ্ট মাহত ৯টা এনিমেল কৰিড’ৰৰ ভিতৰত ৮টা পৰিদর্শন কৰে৷ পৰিদর্শনৰ অন্তত যোৱা ১০ ছেপ্ঢেম্বৰত CEC ক দাখিল কৰা হয় প্রতিবেদন৷

মন কৰিবলগীয়া যে এই পৰিদর্শন প্রতিবেদনতে স্পষ্ট হৈছে কিদৰে উচ্চতন ন্যায়ালয়ৰ ৰায়ক অংগুষ্ঠ প্রদর্শনেৰে এনিমেল কৰিড’ৰত নতুনকৈ নির্মাণকার্য চলোৱা হৈছে৷ অবৈধ নির্মাণকার্য সন্দর্ভত পৰিদর্শন প্রতিবেদনত উল্লেখ কৰা মতে ‘এনিমেল কৰিড’ৰ’ত হোটেল–ধাবাৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ আছে৷

হালদিবাৰীৰ কৰিড’ৰত ২০১৯ চনত নির্মিত এটা মন্দিৰে বন্যপ্রাণীৰ আহ–যাহত বাধাৰ সৃষ্টি কৰাৰ লগতে এই মন্দিৰটোৰ আশে–পাশে বহুকেইখন দোকান গঢ়ি উঠিছে৷

তদুপৰি এই কৰিড’ৰটোত এটা বিবাহ ভৱন আৰু এখন ৰিজ’ট নতুনকৈ নির্মাণ কৰি উলিওৱাৰ উপৰি ৰিজ’ট কর্তৃপক্ষই এখন শক্তিশালী দেৱাল নির্মাণ কৰাৰ ফলত বাধাৰ কাৰক হৈ পৰিছে হাতীৰ আহ–যাহত৷ এনিমেল কৰিড’ৰত এটা চৰকাৰী অট্টালিকা নির্মাণ কৰাৰ কথাও পৰিদর্শন প্রতিবেদনত উল্লেখ কৰা হৈছে৷

নতুন নির্মাণকার্যৰ উপৰি যান–বাহন সন্দর্ভত পৰিদর্শন প্রতিবেদনখনত কোৱা হৈছে যে ট্রাক, টেংকাৰ আৰু অন্যান্য বাহনসমূহো ৰাষ্ট্রীয় উদ্যানখনৰ বন্যপ্রাণীৰ বাবে হৈ পৰিছে এক ডাঙৰ ভাবুকি৷ ৰাস্তাৰ কাষত এই যান–বাহনসমূহ ৰখাই থোৱাৰ ফলত ৰাষ্ট্রীয় উদ্যানৰ পৰা কার্বি আংলঙৰ পাহাৰলৈ বন্যপ্রাণীৰ আহ–যাহত বাধাৰ সৃষ্টি হয়৷

ইফালে জিলা প্রশাসন, বন বিভাগ আৰু আৰক্ষীৰ মাজত থকা সমন্বয়হীনতাক দোষাৰোপ কৰিছে পৰিদর্শন প্রতিবেদনে৷ সেইদৰে চিনাক্ত হোৱাৰ পাছতো ৰাজ্য চখকাৰে ৯টা এনিমেল কৰিড’ৰ সন্দর্ভত আনুষ্ঠানিক ঘোষণাত বিলম্ব কৰাৰ বাবে আশ্চর্য প্রকাশ কৰা হৈছে৷ এনে অৱস্থাত এনিমেল কৰিড’ৰত অবৈধ নির্মাণ ধ্বংস কৰাৰ উপৰি এটা সঠিক জৰীপ চলোৱাৰ পৰামর্শ প্রদান কৰা হৈছে পৰিদর্শন প্রতিবেদনত৷

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd