লকডাউন চলি থকাৰ মাজতে কিয় প্ৰিয়ংকা চোপ্ৰাক সাৱধান কৰি দিলে আৰক্ষীয়ে?

pc

প্ৰিয়ংকা চোপ্ৰা।

কৰ’নাৰ নতুন ষ্ট্ৰেনে এতিয়া আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ ব্যাপক সংক্ৰমণৰ বাবেই ব্ৰিটেইনত এতিয়া লকডাইন ঘোষণা কৰা হৈছে।

কঠোৰ লকডাউনৰ বাবে ব্ৰিটেইনত ঘৰৰ বাহিৰলৈ ওলোৱা প্ৰিয়ংকা চোপ্ৰালৈ আৰক্ষীয়ে জাননী প্ৰেৰণ কৰিছে।

বাতৰি অনুসৰি, স্বামী নিক জোনাছৰ সৈতে লণ্ডনত আছে প্ৰিয়ংকা। তেওঁৰ পৰৱৰ্তী ছবি ‘টেক্সট ফৰ ইউ’ৰ শ্বুটিঙৰ বাবেই লণ্ডনত আছে অভিনেত্ৰীগৰাকী।

কিন্তু হঠাতে তাত লকডাউন ঘোষণা কৰাত লণ্ডনৰ পৰা লছ এঞ্জেলছলৈ উভতিব পৰা নাই প্ৰিয়ংকা। সেয়ে, লণ্ডনতেই থাকিবলগীয়া হৈছে প্ৰিয়ংকা আৰু নিক।

লণ্ডনত থকা সময়তে হঠাতে প্ৰিয়ংকা আৰু তেওঁৰ মাতৃ মধু চোপ্ৰাক স্থানীয় এখন পাৰ্লাৰত দেখা যায়। পোহনীয় কুকুৰ লৈ পাৰ্লাৰলৈ গৈছিল প্ৰিয়ংকা।

সেই ছবি পোহৰলৈ অহাৰ পাছতেই প্ৰিয়ংকা আৰু পাৰ্লাৰ কৰ্তৃপক্ষক দেশখনৰ আৰক্ষীয়ে সাৱধান কৰি দিছে। অৱশ্যে, প্ৰথমবাৰ বুলিয়েই কোনো জৰিমনা বিহা নাই আৰক্ষীয়ে।

এই ঘটনাৰ পাছতেই ছবিখনৰ প্ৰযোজক সংস্থাৰ ফালৰ পৰা মন্তব্য প্ৰকাশ কৰা হয়। কোৱা হৈছে যে পৰৱৰ্তী ছবিৰ শ্বুটিঙৰ বাবে প্ৰিয়ংকা লণ্ডনত আছে।

হলীউদৰ এগৰাকী তাৰকা হিচাপে প্ৰযোজনা সংস্থাৰ বাবেই প্ৰিয়ংকা সেই পাৰ্লাৰলৈ গৈছিল। ব্যক্তিগত কাৰণত নহয়, শ্বুটিঙৰ বাবেহে প্ৰিয়ংকাই পাৰ্লাৰলৈ গৈছিল।