এক চুক্তিৰ পাছতহে নিকৰ সৈতে বিয়াত বহিছিল প্ৰিয়ংকা চোপ্ৰা! কি আছিল সেই চুক্তিত?

Priyanka-nick

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ।

হলীউদৰ গায়ক-অভিনেতা নিক জোনাছৰ সৈতে হোৱা বিয়াক লৈ এক আকৰ্ষণীয় তথ্য দিছে বিশ্ব সুন্দৰী, অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।

প্ৰাক্তন বিশ্ব সুন্দৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বিয়াৰ পূৰ্বে নিকৰ সৈতে এক চুক্তিত আৱদ্ধ হৈছিল।

সেই চুক্তিৰ বাবেই তেওঁলোকৰ সম্পৰ্ক এতিয়াও সুদৃঢ় হৈ থকা বুলি দাবী কৰে প্ৰিয়ংকাই।

ব্ৰিটিছ সংবাদমাধ্যমত দিয়া এক শেহতীয়া সাক্ষাৎকাৰত প্ৰিয়ংকাই কয় যে বিয়াৰ পূৰ্বে নিকৰ সৈতে এক চুক্তি কৰিছিল। সেই চুক্তি মতে যিমানেই ব্যস্ততা নাথাকক কিয় মাহত কমেও এবাৰ তেওঁলোকে মিলিত হ’বই লাগিব।

‘’এতিয়া প্ৰতি তিনি সপ্তাহতে আমাৰ দেখা হয়। বিশ্বৰ যিকোনো প্ৰান্ততেই নাথাকো কিয় মাহত অন্তত কেইদিনমানৰ বাবে আমি একেলগে কৰবাত কটাবলৈ উৰা মাৰো। বিয়াৰ বাবে এইটোৱে আছিল আমাৰ চৰ্ত।‘’

উল্লেখ্য যে ২০১৮চনৰ ডিচেম্বৰ মাহত নিক জোনাছৰ সৈতে প্ৰিয়ংকা চোপ্ৰা বিবাহপাশত আৱদ্ধ হৈছিল।

ৰাজস্থানৰ যোধপুৰৰ উমেদ ভৱন প্ৰাসাদত সম্পন্ন হৈছিল প্ৰিয়ংকা-নিকৰ সেই ৰাজকীয় বিয়া।