• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তই ১০ বছৰ পুৰণি বিষয় নহয়, অহা ৫ বছৰৰ পৰিকল্পনাৰ কথা কওক; আক্ৰমণাত্মক প্ৰিয়ংকা গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2026 9:01 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে (২০ ফেব্ৰুৱাৰী) অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা সন্দৰ্ভত “১০ বছৰ পুৰণি” বিষয় উত্থাপন কৰাৰ পৰিৱৰ্তে তেওঁ চাকৰি, উন্নয়ন আৰু অহা ৫ বছৰৰ পৰিকল্পনাৰ কথা কোৱা উচিত।

সাংবাদিকক সম্বোধন কৰি প্ৰিয়ংকা গান্ধীয়ে ২০১৪ চনত অসমৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ উপক্ৰম হোৱা বুলি শৰ্মাই কৰা দাবীক খাৰিজ কৰি এই মন্তব্য কৰে।

Apply Now

তেওঁ কয়, ‘’ৰাজনীতিত বহু সিদ্ধান্ত লোৱা হয়। কোনোবাটো সপক্ষে যায়, কোনোবাটো বিপক্ষে যায়। আমি ইয়াক সহ্য কৰিব লাগিব। যদি তেওঁ এতিয়াও ১০ বছৰ পুৰণি এটা বিষয়ক লৈ কান্দি আছে তেন্তে মই আৰু কি ক’ম।’’

চলিত সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰিছিল যে ২০১৪ চনত ৫৮ গৰাকী বিধায়কে তেওঁক সমৰ্থন কৰাৰ পিছত তেতিয়াৰ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওঁক শপতগ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ কয়। তেওঁ দাবী কৰে যে সেই সময়ত আমেৰিকাত থকা ৰাহুল গান্ধীয়ে দলৰ নেতাসকলৰ সৈতে ফোনত কথা পতাৰ পিছত পৰিস্থিতি সলনি হয়।

উল্লেখ্য যে ২০১১ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসম কংগ্ৰেছত আভ্যন্তৰীণ বিবাদৰ সৃষ্টি হয়, তদানীত্বন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিৱৰ্তে শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰে বিধায়কৰ এটা অংশই। পৰৱৰ্তী সময়ত ২০১৫ চনত কংগ্ৰেছ ত্যাগ কৰি শৰ্মাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনত অসমৰ প্ৰথম বিধানসভা নিৰ্বাচনত দলটোৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

প্ৰিয়ংকাই কয় যে এইবোৰৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক বিষয়ত গুৰুত্ব দিব লাগে। “তেওঁ অসমৰ উন্নয়নৰ কথা কওক। তেওঁ কি কৰিছে আৰু আগন্তুকপাঁচ বছৰত তেওঁ কি কাম কৰাৰ পৰিকল্পনা কৰিছে ৰাইজক কওক। যুৱক-যুৱতীসকলে জানিব বিচাৰে।”

তেওঁ লগতে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰে ধন-সম্পত্তি “এটা পৰিয়াল”ত কেন্দ্ৰীভূত কৰি অসমৰ সম্পদ বৃহৎ উদ্যোগপতিৰ হাতত গতাই দিয়াৰ অভিযোগ উত্থাপন কৰে। “ৰাইজে দেখিছে যে অসমৰ সম্পদ কেনেকৈ হস্তান্তৰ হৈছে। এইবোৰ অসমৰ জনসাধাৰণৰ। যি মাটি হস্তান্তৰ কৰা হৈছে সেয়া ৰাজহুৱা সম্পত্তি।”

বিশেষকৈ যুৱ ভোটাৰ আৰু মহিলাসকলক আহ্বান জনাই প্ৰিয়ংকাই তেওঁলোকক নিজৰ ৰাজ্যখন শক্তিশালী কৰাৰ বাবে  তেওঁ অভিহিত কৰা “ইতিবাচক ৰাজনীতি” ক সমৰ্থন জনাবলৈ কয়। “আপোনালোকে দেখিছে যে কিমান দুৰ্নীতি হৈছে। এই দুৰ্নীতি অসমৰ জনসাধাৰণৰ প্ৰতি বিশ্বাসঘাতকতা। তেওঁলোকে উপলব্ধি কৰিছে যে পৰিৱৰ্তনৰ সময় আহি পৰিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd