কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি বাৰে বাৰে কৰা মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰি এনে ব্যক্তিগত আক্ৰমণক “ভুল ৰাজনীতি” বুলি অভিহিত কৰে।
সোণাপুৰৰ ‘জুবিন ক্ষেত্ৰ’ত প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি ভদ্ৰাই কয় যে এজন ৰাজনৈতিক নেতাৰ পৰিয়াল আৰু সন্তানক ৰাজহুৱা বক্তব্যত টানি অনাটো গ্ৰহণযোগ্য নহয়।
প্ৰিয়ংকা গান্ধীয়ে কয়, “ৰাজনীতিত দুই প্ৰকাৰৰ নেতা থাকে, এজনে ইতিবাচক ৰাজনীতি কৰে আৰু আনজনে মেৰুকৰণ কৰে। গৌৰৱ গগৈয়ে প্ৰেমৰ ৰাজনীতি কৰে। সেইবাবেই এনে আক্ৰমণ সংঘটিত হৈ আছে। কিন্তু তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ওপৰত আক্ৰমণ ভুল। কোনো ৰাজনৈতিক নেতাৰ পৰিয়াল আৰু সন্তানক কোনেও লক্ষ্য কৰি লোৱা উচিত নহয়।”
তেওঁ লগতে মুখ্যমন্ত্ৰীক ব্যক্তিগত অভিযোগৰ লগত জড়িত হোৱাৰ পৰিৱৰ্তে জনসাধাৰণৰ উদ্বেগ সমাধানত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। ৱায়ানাডৰ সাংসদগৰাকীয়ে কয় যে চৰকাৰে ৰাজ্যখনত চাকৰি বিচৰা যুৱক-যুৱতীসকলৰ কথা ক’ব লাগে।
মুখ্যমন্ত্রীৰ বিৰুদ্ধে উত্থাপিত সম্পদ আত্মসাতৰ অভিযোগ সন্দর্ভত এক প্রশ্নৰ উত্তৰত ভদ্রাই দাবী কৰে যে অসমৰ জনসাধাৰণ ইতিমধ্যে এনে বিষয়বোৰ সম্পৰ্কে অৱগত৷ ‘ৰাইজে দেখিছে যে কি হৈছে। ৰাজ্যৰ সম্পদ কেনেকৈ ডাঙৰ উদ্যোগপতি আৰু এটা পৰিয়াললৈ গৈছে সেয়া দেখি ভাগৰি পৰিছে। দুৰ্নীতি বৃদ্ধি পাইছে, আৰু এয়া জনসাধাৰণৰ প্ৰতি বিশ্বাসঘাতকতা।’
‘জুবিন ক্ষেত্ৰ’ ভ্ৰমণৰ উদ্দেশ্য স্পষ্ট কৰি ভদ্ৰাই কয় যে, এয়া জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবেহে, ইয়াৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই। তেওঁ লগতে কয় যে প্ৰয়াত সংগীতজ্ঞগৰাকীক ৰাজনীতিৰ উৰ্ধত সন্মান জনোৱা হৈছিল।
তেওঁ কয়, ‘জুবিন গাৰ্গ ৰাজনীতিৰ ওপৰত আছিল। তেওঁৰ শ্মশান পবিত্ৰ স্থান হ’ব লাগে, ইয়াক ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰা উচিত নহয়।’





