NORTHEAST NOW (Assamese)

আলোচনাপন্থী আলফাই পৰেশ বৰুৱাৰ বিপক্ষে কোনো মন্তব্য নকৰে

November 21, 2018 9:43 pm · এন ই নাও নিউজ
Updated: November 22, 2018 6:45 pm

আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কৈছে যে অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত তেওঁ পৰেশ বৰুৱাৰ বিপক্ষে কোনো বক্তব্য নাৰাখে। গুৱাহাটীত এখন সংবাদমেলত এই কথা সদৰি কৰি চেতিয়াই কৈছে, ‘‘তেওঁৰ বিৰুদ্ধে ক’বলগীয়া থাকোঁতেও অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মই তেওঁৰ বিৰুদ্ধে কোনো কথা নকওঁ।’’

পৰেশ বৰুৱাই ‘‘আলোচনাপন্থী আলফাৰ চৰকাৰৰ পৰা কিবা লাভ কৰা বা দৰ দাম কৰাৰ কোনো অধিকাৰ বা যোগ্যতা নাই’’ বুলি কৰা মন্তব্যৰ উত্তৰত চেতিয়াই কৈছে, ‘‘পাছত শান্তি আলোচনাৰ প্ৰক্ৰিয়া সফল হ’লে শান্তি চুক্তি স্বাক্ষৰিত হ’ব আৰু তেতিয়া সকলো কথা পৰিস্কাৰ হৈ পৰিব।”

চেতিয়াই কৈছে, ‘‘চৰকাৰৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে আমি যথাসাধ্যে কাম কৰি আলোচনা কৰি আছোঁ।’’ শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱা আগবাঢ়ি আহিব নে নাহে এই সম্পৰ্কে কোনো মন্তব্য দিয়াৰ পৰা চেতিয়া বিৰত থাকে।

আলফা স্বাধীন আৰু আলোচনাপন্থী আলফাৰ সৈতে থকা অমিলৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘আলোচনাপন্থী আলফাই আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ৰেৱতী ফুকনৰ স্থান সম্পৰ্কে সৈতে কোনো যুক্তি-তৰ্কত যুক্ত হ’ব নিবিচাৰে।’’ চেতিয়াই আৰু কৈছে যে পিচিজিৰ সক্ৰিয় সদস্য ৰেৱতী ফুকনৰ অন্তৰ্ধানৰ ৰহস্য শেষ হোৱা উচিৎ।

চেতিয়াই আৰু কৈছে, ‘‘তেওঁক যদি হত্যা কৰা হৈছে তেতিয়া ইয়াৰ বিচাৰ হ’ব লাগে। আনহাতে ফুকনে যদি আলফাত (স্বাঃ) যোগদান কৰিছে সেয়া আলফাই (স্বাঃ) স্পষ্ট কৰিব লাগে।’’

উল্লেখ্য যে ভাৰত চৰকাৰ আৰু আলফাৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ বাবে ২০০৫ চনত সংগঠনটোৱে পিচিজি গঠন কৰিছিল।

Related News