• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-অৰুণাচলৰ মাজৰ ভ্ৰাতৃত্ববোধত আঘাত নকৰিবলৈ পৰেশ বৰুৱাক অনুৰোধ আলোচনাৰত আলফাৰ

ছতি বাগিচাৰ অপহৃত মহৰীক মুকলি কৰি দিবলৈ আহ্বান

মুকুট দাস মুকুট দাস
গুৱাহাটী , November 13, 2018 5:43 pm

2 min read

ULFA

গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমক সম্বোধন কৰি অনুপ চেতিয়া।

464
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ ছতি বাগিচাৰ অপহৃত মহৰীক মুকলি কৰি দিবলৈ আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে আলোচনাপন্থী আলফাই।

নিৰীহ লোকজনক মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে অসম আৰু অৰুণাচলৰ মাজত যুগ যুগ ধৰি বৰ্তি থকা ভ্ৰাতৃত্ববোধ নষ্ট হ’ব পৰা কোনো কাম নকৰিবলৈও আহ্বান জনায় আলফাৰ আলোচনাপন্থী অংশটোৱে।

“অৰুণাচল আৰু অসমৰ মাজত যুগ যুগ ধৰি বৰ্তি থকা ভাতৃত্ববোধ নষ্ট নকৰিবলৈ আমি আহ্বান জনালো।” গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ আগত এইদৰে কয় আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

লগতে চেতিয়াই মহৰীজনক আলফা (স্বাঃ)ই অপহৰণ কৰিছে নে নাই কৰা সেইটো স্পষ্ট কৰিবলৈও আহ্বান জনায়। “আলফা (স্বাঃ)ই বিষয়টোত সোনকালেই এটা স্পষ্টীকৰণ দিব লাগে।” চেতিয়াই কয়।

উল্লেখযোগ্য যে ৬-৭জনীয়া এটা অস্ত্ৰধাৰী দলে যোৱা ১১ নৱেম্বৰত বাগিচাখনৰ মহৰী দেবব্ৰত দেবক অপহৰণ কৰিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি এই বাগিচাখনৰ স্বত্বাধিকাৰি হৈছে অৰুণাচল প্ৰদেশৰ উপ-মুখ্য মন্ত্ৰী চৌনা মিনৰ পত্নী ছতি মিন।

অপহৰণকাৰীয়ে দেবৰ মুক্তিৰ বিনিময়ত বাগিচাৰ মালিকৰ পৰা ৩ কোটি টকা দাবী কৰিছে।

ইপিনে আলোচনাপন্থী আলফাৰ আন এজন নেতা প্ৰবাল নেওগে কয় যে আলফা (স্বাঃ)ৰ এটা ৬-৭জনীয়া দল সংগঠনটোৰ পৰা ফালৰি কাটি আহিছে আৰু নামচাই জিলাত আশ্ৰয় লৈ ধনদাবীৰ কামত জড়িত হৈ আছে।

“মানুহ এজনক অপহৰণ কৰি ৩ কোটি টকা দাবী কৰাৰ ঘটনা আলফাৰ ইতিহাসত প্ৰথম।” প্ৰৱাল নেওগে কয়।

তেওঁ লগতে কয়, “আলফা (স্বাঃ)ৰ এই ৬-৭জনীয়া দলটোৱেই যোৱা ১ নৱেম্বৰত ধলাৰ খেৰবাৰীত সংঘটিত হত্যাকাণ্ডতো জড়িত থকাৰ সম্ভাৱনা আছে।”

“কাৰণ দুয়োটা ঘটনাৰ স্থানৰ মাজত বেছি দূৰত্ব নাই। আমাৰ হাতত থকা মতে, ৬-৭জনীয়া এই দলটোৱে এই অঞ্চলটোতে আশ্ৰয় লৈ আছিল।” নেওগে কয়।

মন কৰিব লগীয়া যে দুয়োটা ঘটনাৰ স্থানৰ দূৰত্ব কম হোৱাৰ লগতে দুয়োটা ঘটনাত অস্ত্ৰধাৰী যুৱকৰ দলটো সেনাৰ পোচাকত আহিছিল। দুয়োটা ঘটনাতে প্ৰায় ৬-৭জনীয়া দল জড়িত আছিল আৰু দুয়োটা ঘটনাতে লক্ষ্য আছিল বাঙালী লোক।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd