NORTHEAST NOW (Assamese)

অসম-অৰুণাচলৰ মাজৰ ভ্ৰাতৃত্ববোধত আঘাত নকৰিবলৈ পৰেশ বৰুৱাক অনুৰোধ আলোচনাৰত আলফাৰ

November 13, 2018 5:35 pm · মুকুট দাস
Updated: November 13, 2018 5:43 pm
গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমক সম্বোধন কৰি অনুপ চেতিয়া।

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ ছতি বাগিচাৰ অপহৃত মহৰীক মুকলি কৰি দিবলৈ আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে আলোচনাপন্থী আলফাই।

নিৰীহ লোকজনক মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে অসম আৰু অৰুণাচলৰ মাজত যুগ যুগ ধৰি বৰ্তি থকা ভ্ৰাতৃত্ববোধ নষ্ট হ’ব পৰা কোনো কাম নকৰিবলৈও আহ্বান জনায় আলফাৰ আলোচনাপন্থী অংশটোৱে।

“অৰুণাচল আৰু অসমৰ মাজত যুগ যুগ ধৰি বৰ্তি থকা ভাতৃত্ববোধ নষ্ট নকৰিবলৈ আমি আহ্বান জনালো।” গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ আগত এইদৰে কয় আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

লগতে চেতিয়াই মহৰীজনক আলফা (স্বাঃ)ই অপহৰণ কৰিছে নে নাই কৰা সেইটো স্পষ্ট কৰিবলৈও আহ্বান জনায়। “আলফা (স্বাঃ)ই বিষয়টোত সোনকালেই এটা স্পষ্টীকৰণ দিব লাগে।” চেতিয়াই কয়।

উল্লেখযোগ্য যে ৬-৭জনীয়া এটা অস্ত্ৰধাৰী দলে যোৱা ১১ নৱেম্বৰত বাগিচাখনৰ মহৰী দেবব্ৰত দেবক অপহৰণ কৰিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি এই বাগিচাখনৰ স্বত্বাধিকাৰি হৈছে অৰুণাচল প্ৰদেশৰ উপ-মুখ্য মন্ত্ৰী চৌনা মিনৰ পত্নী ছতি মিন।

অপহৰণকাৰীয়ে দেবৰ মুক্তিৰ বিনিময়ত বাগিচাৰ মালিকৰ পৰা ৩ কোটি টকা দাবী কৰিছে।

ইপিনে আলোচনাপন্থী আলফাৰ আন এজন নেতা প্ৰবাল নেওগে কয় যে আলফা (স্বাঃ)ৰ এটা ৬-৭জনীয়া দল সংগঠনটোৰ পৰা ফালৰি কাটি আহিছে আৰু নামচাই জিলাত আশ্ৰয় লৈ ধনদাবীৰ কামত জড়িত হৈ আছে।

“মানুহ এজনক অপহৰণ কৰি ৩ কোটি টকা দাবী কৰাৰ ঘটনা আলফাৰ ইতিহাসত প্ৰথম।” প্ৰৱাল নেওগে কয়।

তেওঁ লগতে কয়, “আলফা (স্বাঃ)ৰ এই ৬-৭জনীয়া দলটোৱেই যোৱা ১ নৱেম্বৰত ধলাৰ খেৰবাৰীত সংঘটিত হত্যাকাণ্ডতো জড়িত থকাৰ সম্ভাৱনা আছে।”

“কাৰণ দুয়োটা ঘটনাৰ স্থানৰ মাজত বেছি দূৰত্ব নাই। আমাৰ হাতত থকা মতে, ৬-৭জনীয়া এই দলটোৱে এই অঞ্চলটোতে আশ্ৰয় লৈ আছিল।” নেওগে কয়।

মন কৰিব লগীয়া যে দুয়োটা ঘটনাৰ স্থানৰ দূৰত্ব কম হোৱাৰ লগতে দুয়োটা ঘটনাত অস্ত্ৰধাৰী যুৱকৰ দলটো সেনাৰ পোচাকত আহিছিল। দুয়োটা ঘটনাতে প্ৰায় ৬-৭জনীয়া দল জড়িত আছিল আৰু দুয়োটা ঘটনাতে লক্ষ্য আছিল বাঙালী লোক।

Related News