• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী এবছুৰ

বড়ো মাধ্যমৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীলৈ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 17, 2019 7:52 am
ABSU Press meet

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত বড়ো মাধ্যমৰ বিদ্যালয়সমূহে আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। বৃহস্পতিবাৰে কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত অনুষ্ঠিত এক সংবাদমেলত এবছুৰ শিক্ষা সম্পাদক আৰু সহকাৰী শিক্ষা সম্পাদকে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতীমান সকলক শুভেচ্ছা জ্ঞাপন কৰি বড়ো মাধ্যমৰ পৰা এইবাৰ মাত্ৰ ১২৬৬ গৰাকীহে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

ইয়াৰ প্ৰধান কাৰণ হিচাপে প্ৰাদেশীকৃত বড়ো মাধ্যমৰ বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ, বিজ্ঞান, ইংৰাজী,গণিত বিষয়ৰ শিক্ষকৰ অভাৱ, সময়ত পাঠ্যপুথি যোগান নধৰা আৰু বড়ো মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নোহোৱা আদিয়েই মূল কাৰণ বুলি উল্লেখ কৰি এবছুৱে বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ অভাৱ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

Apply Now

ইপিনে সংবাদমেলত এবছুৱে ২০০৬ বৰ্ষক শিক্ষাৰ বৰ্ষ হিচাপে ঘোষণা কৰি শৈক্ষিক দিশৰ প্ৰগতিৰ বাবে বিভিন্ন ধৰণৰ কাম-কাজৰ সৈতে জড়িত হোৱাৰ লগতে ২০০৭ চনৰ পৰা ২০২০ চনলৈ ‘মিশ্যন কোৱালিটি’ ঘোষণা কৰি বৰ্তমানলৈ শিক্ষা তথা ছাত্ৰ-ছাত্ৰীৰ মনোবল বৃদ্ধি কৰাত আত্মনিয়োগ কৰাৰ কথা উল্লেখ কৰে শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে।

ইয়াৰ উপৰি বড়ো মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত তথা অনুপ্ৰাণিত কৰাৰ লগতে গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰতো এবছুৱে গুৰুত্ব আৰোপ কৰিছে। আৰু কয় যে মাতৃভাষা মাধ্যমত অধ্যয়ন কৰি ছেবাৰ দ্বাৰা পৰিচালিত মেট্ৰিক পৰীক্ষাত বড়ো মাধ্যমৰ পৰা প্ৰথম দহটা স্থানপ্ৰাপ্ত কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদানৰ দিহাও কৰা হৈছে৷

ছাত্ৰ নেতাদ্বয়ে জানিব দি কয় যে ২০০৬ চনৰ পৰা প্ৰতি বছৰে ৰাজ্যৰ বড়ো মাধ্যমৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীলৈ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’ প্ৰদান কৰি অহা হৈছে। চলিত বৰ্ষৰ চতুৰ্দশ কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কাৰ্যসূচী অহা ২২ মে’ত ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ বডোফা পথাৰত আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰে।

বড়ো মাধ্যমৰ পৰা দহটা স্থান প্ৰাপকক মানপত্ৰ, আৰনাই আৰু নগদ ১০ হাজাৰ টকাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি সদৰি কৰিছে এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd