NORTHEAST NOW (Assamese)

সমস্যা সমাধানৰ উপায় : খাবলৈ মন নাযায়? ভোক নালাগে নেকি আপোনাৰ?

March 15, 2025 8:02 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 14, 2025 9:08 pm

সময়ত ভোক নালাগে নেকি আপোনাৰ? খাবলৈও মন নাযায় নেকি? এই সমস্যা আজিকালি প্ৰায় সকলো মানুহৰেই হয়। বিভিন্ন কাৰণৰ বাবে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে। সোনকালে এই সমস্যাৰ পৰা মুক্তি লাভ নকৰিলে অপুষ্টি আদিৰ দৰে জটিল সমস্যাৰ সৃষ্টি হ’ব পাৰে।

যদি নিয়মীয়াকৈ ভোক নালাগে, তেন্তে পেটৰ অসুখ, গেছট্ৰিক, হর্মোনেল ইমবেলেন্স, বা আন কোনো স্বাস্থ্য সমস্যা হব পাৰে। একেদৰে থাকিলে ডাক্তৰৰ পৰামৰ্শ লোৱা ভাল।

দুখ, দুঃচিন্তা, হতাশা আদি থাকিলে বহু সময়ত মানুহে খাবলৈ মন নকৰে। যদি এনে লাগে, তেন্তে অলপ ৰিলেক্স হওক, আপোনাৰ প্ৰিয় কামবোৰ কৰক।

যদি সদায় একেই ধৰণৰ খাদ্য খাই আছে, তেন্তে নতুন কিবা ট্ৰাই কৰক

দৈনিক ব্যায়াম কৰক। ব্যায়ামে ভোক লগাত সহায় কৰে।

খাদ্য খোৱাৰ আগত কেতিয়াও পানী নাখাব।

Related News