সীতাৰ মুখত চিগাৰেট, অশ্ৰাব্য গালি : ৰামলীলা বিকৃত কৰি গ্ৰেপ্তাৰ অধ্যাপক-শিক্ষাৰ্থী

আধুনিকতাৰ নামত ভাৰতৰ পৌৰাণিক মহাকাব্যৰ ৰামায়ণ আধাৰিত ‘ৰামলীলা’ প্ৰদৰ্শন কৰিবলৈ গৈ মহাকাব্যখনৰ চৰিত্ৰ বিকৃত কৰিলে অধ্যাপক আৰু শিক্ষাৰ্থীয়ে।

মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰামায়ণ বিকৃতভাবে প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

মহাবিদ্যালয়খনৰ এজন অধ্যাপক আৰু পাঁচজন শিক্ষাৰ্থীক হিন্দুৰ ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত। সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত ৰামলীলা মঞ্চস্থ কৰা হৈছিল। সেই নাটকখনত বহুতো আপত্তিজনক দৃশ্য প্ৰদৰ্শন কৰা হৈছিল। ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত সীতাৰ চৰিত্ৰত অভিনয় কৰি থকা এজন শিক্ষাৰ্থীক চিগাৰেট সেৱন কৰা আৰু আপত্তিজনক ভাষা ব্যৱহাৰ কৰা দেখা গৈছে।

নাটকখনক লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ললিত কলা কেন্দ্ৰৰ সদস্যসকলৰ মাজত কাজিয়া আৰম্ভ হৈছিল। এবিভিপি নেতা হৰ্ষবৰ্ধন হাৰপুডে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিল। ললিত কলা কেন্দ্ৰৰ মুৰব্বী অধ্যাপক ড০ প্ৰবীণ ভোলেকে ধৰি পাঁচজন শিক্ষাৰ্থীক ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল।