মৰনৈ সাৰ্বজনীন পালনাম মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ

গোৱালপাৰা জিলাৰ মৰনৈৰ ফৈলামাৰীপাৰা নামঘৰ প্ৰাংগণত অনুষ্ঠিত পালনাম মহোৎসৱৰ ২০১৯-২০ বৰ্ষ সোণালী জয়ন্তীবৰ্ষৰ প্ৰথম কাৰ্যসূচী দেওবাৰে অনুষ্ঠিত হৈ যায় ৷

এই উপলক্ষে পুৱা ৯ বজাত ধৰ্মীয়ধ্বজা উত্তোলন কৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয় সহকাৰী আয়ুক্তা কবিতা ডেকাই ৷ ৯.৩০ বজাত বৃক্ষৰোপণ কৰে পালনাম মহোৎসৱৰ সভাপতি নিপ কুমাৰ দাসে ৷ ৯.৪৫ বজাত পালনামথলীৰ দ্বাৰ মুকলি কৰে গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই।

১০.৩০ বজাৰ পৰা বৰপেটা সত্ৰৰ আৰ্হিত চব্বিছ যুগল প্ৰসংগ আৰু অবিৰত নাম প্ৰসংগ আৰম্ভ হয় ৷ সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচীৰ দিনাই দ্বিতীয় বৈকুণ্ঠত পৰিণত হয় মৰনৈ ৷ ভক্তিৰসত বুৰ যায় অঞ্চলটো ৷

উল্লেখযোগ্য যে অহা ১৫ ছেপ্তেম্বৰত ভাগৱত পাঠ আৰু ব্যাখ্যা । ১ ডিচেম্বৰত আইসকলৰ থিয়নাম প্ৰদৰ্শন। ২০২০ চনৰ ৩০ জানুৱাৰীত গীতাশ্লোক- আবৃত্তি, বৰগীত, থিতাতে ৰচনা লিখন, আকস্মিক বক্তৃতা, প্ৰশ্নবান প্ৰতিযোগিতা ৷ ৩১ জানুৱাৰী দিনৰ ১০ বজাত ভাগৱত সহ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু সন্ধিয়া ৬ বজাত অধিবাস।

১ ফেব্ৰুৱাৰীত ব্ৰমহ মুহূৰ্তৰ প্ৰসংগ আৰু অখণ্ড পালনাম আৰম্ভ। ২ ফেব্ৰুৱাৰীত অখণ্ড পালনাম। ৩ ফেব্ৰুৱাৰীত পালনামৰ সামৰণি আৰু ভাগৱতসহ গাঁও পৰিভ্ৰমণ আৰু ৪ ফেব্ৰুৱাৰী সন্ধিয়া ৬ বজাৰ পৰা ভাওনা আৰু সত্ৰীয়া নৃত্য।