বিজেপি শাসিত ত্ৰিপুৰাত দুই ফৈদৰ মাজত ৰক্তাক্ত সংঘৰ্ষ, প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি

ফটোঃ সংগ্ৰহীত।

একাধিক লোক গুলীবিদ্ধ হোৱাৰ খৱৰ। লগতে বেচৰকাৰীভাৱে আহিছে মৃত্যুৰো খবৰ। বিজেপি শাসিত ত্ৰিপুৰাত দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্দ্ধসামৰিক বাহিনী-আছম ৰাইফলছক নমোৱা হৈছে।

জানিব পৰা মতে, কদমতলাত আৰক্ষীয়ে এই সংঘৰ্ষ বন্ধ কৰিবলৈ শূন্যলৈ কেইজাইমান গুলী চলাই পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা চলায়। অৱশ্যে স্থানীয় লোকে দাবী কৰিছে যে একাধিক লোক গুলীবিদ্ধ হৈছে। ছচিয়েল মিডিয়াত  ৰক্তাক্ত ছবি বিয়পি পৰিছে।

কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সুদীপ ৰায় ৱৰ্মনে অভিযোগ কৰে যে, “যেতিয়া কদমতলা বজাৰত দুটা সম্প্ৰদায়ৰ সংঘৰ্ষত আৰু আৰক্ষীৰ গুলীত দুজনৰ মৃত্যু হৈছিল হৈছিল, তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগৰতলা চহৰত নিশালৈকে দুৰ্গা পূজা মণ্ডপ উদ্বোধন কৰাত ব্যস্ত আছিল। সকলোকে সম্প্ৰীতি ৰক্ষা কৰাৰ বাবে আহ্বান জনাইছো।”

লগতে পঢ়কঃ হঠাৎ হৃদৰোগত আক্ৰান্ত! কমেও ৩০ জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি মৃত্যুৰ কোলাত ঢলি পৰিল বাছ চালক

দুৰ্গা পূজাৰ চান্দাক লৈ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত ঘৰ-দুৱাৰত আক্ৰমণৰ লগতে বজাৰত দোকান-পোহাৰ ভাঙি লণ্ডভণ্ড কৰা হয়। ঘটনাস্থলীত আৰক্ষী আৰু টি এছ আৰ জোৱান আৰু আছাম ৰাইফলছ মোতায়েন কৰা হৈছে। ছীল কৰা হৈছে ত্ৰিপুৰা-অসম সীমান্ত।

ৰাজ্যৰ আভ্যন্তৰীণ পৰিস্থিতি উত্তপ্ত কৰি তোলা বিভিন্ন ঘটনাৰ পৰিপ্ৰেক্ষিতত বিৰোধী দল চিপিআইএমে বাৰে বাৰে এনে অভিযোগ উত্থাপন কৰি আহিছে। বিৰোধী দলপতি তথা চিপিআইএমৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰী বাৰে বাৰে ধন দাবীৰ বিষয়ক লৈ সৰৱ হৈ আহিছে। ৰাজ্য চৰকাৰৰ প্ৰশাসনিক ব্যৰ্থতাক লৈ ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰেও। বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী মাণিক সাহাও পূজাৰ ধন দাবীক লৈ সৰৱ। সেই ধন দাবীক লৈয়ে উত্তৰ ত্ৰিপুৰা জিলাৰ কদমাতলাত ৰক্তাক্ত সংঘৰ্ষ।

লগতে পঢ়কঃদুৰ্দান্ত বলিং, সাৱলীল বেটিঙেৰে প্ৰথমখন টি-২০ মেচত বাংলাদেশক ৭ উইকেটত হৰুৱালে ভাৰতে

ত্ৰিপুৰাৰ এই ঘটনা যথেষ্ট চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো উত্তৰ-পূবৰ আৰু এখন ৰাজ্যত এক অশান্তিৰ বাতাবৰণ দেখা দিছে। মণিপুৰত কেইববছৰ ধৰি কুকি-মেইটেইৰ সংঘাতে বহু ক্ষতি কৰিছে। ত্ৰিপুৰাও সেই পথতে আগবাঢ়িছে!