অসমীয়া ভাষাৰ বিশিষ্ট পণ্ডিত, গৱেষক, সংস্কাৰক, সৰলীকৰণৰ প্ৰবক্তা ড০ গোলোকচন্দ্ৰ গোস্বামীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।
৯৭ বছৰীয়া ভাষাবিদজনক সংকটজনক অৱস্থাত কে জি এম টি চিকিৎসালয়ত ২৫ নৱেম্বৰ, ২০১৯-ত ভৰ্তি কৰা হৈছিল যদিও তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটাত কিছুদিন পূৰ্বে ঘৰলৈ লৈ যোৱা হৈছিল।
তেওঁৰ মৃত্যুৰ খবৰ পাই তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ তেওঁৰ বাসগৃহলৈ ঢাপলি বহুতো গুণমুগ্ধই ঢাপলি মেলে।
ভাষাবিদজনৰ বহল দৃষ্টিভংগিয়েই হ’ল তেওঁ অসমীয়া ভাষাৰ জগতখন আৰু তাৰ অধ্যয়নৰ ধাৰাটোলৈ আগ বঢ়োৱা আটাইতকৈ ডাঙৰ অৱদান।
তেওঁ অসমীয়া ভাষাৰ সৰলীকৰণ আৰু উদাৰীকৰণৰ এজন ডাঙৰ প্ৰবক্তা আছিল।
অসমীয়া ভাষাটো যে inclusive (অন্তৰ্ভুক্তিমূলক) হ’লেহে ইয়াৰ সমৃদ্ধি ঘটিব এই কথা তেওঁ সদায়ে কৈ আহিছিল। কেৱল সংস্কৃত শব্দই যে পৱিত্ৰ নহয়, অসমীয়া ভাষাৰ শব্দবোৰো সমান মৰ্য্যাদাযুক্ত সেই কথাও প্ৰায়ে কৈছিল ড০ গোস্বামীয়ে।
ড০ গোস্বামীৰ মৃত্যুৱে অসমীয়া ভাষাৰ বহল দৃষ্টিভংগিটোৰ অপূৰণীয় ক্ষতি কৰিলে বুলি মন্তব্য কৰিছে এই ধাৰাত কাম কৰি থকা একাধিক কৰ্মীয়ে।
অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান সত্ত্বেও অসম সাহিত্য সভাৰ সভাপতিৰ আসনত ড০ গোস্বামীক নহুওৱাটো এটা ডাঙৰ ভুল বুলিও অনেকেই মন্তব্য কৰিছে।
তেওঁৰ চমু জীৱনপঞ্জী তলত দিয়া হ’ল-
বিশিষ্ট ভাষাবিদজনৰ জন্ম হৈছিল ১৯২৩ চনৰ ১৫ নৱেম্বৰ তাৰিখে অবিভক্ত নগাঁও জিলাৰ মায়ং মৌজাৰ অন্তৰ্গত দৈপাৰা সত্ৰত৷
১৯৪৮ চনত গোস্বামীয়ে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ গুৱাহাটীৰ কামৰূপ একাডেমিত শিক্ষকতা কৰে আৰু একে সময়তে নৈশ ক্লাছ কৰি বি টি পঢ়িবলৈ লয়৷ বি টি পঢ়ি থকাৰ সময়তে তেওঁক বুনিয়াদী শিক্ষাৰ স্নাতকোত্তৰ প্ৰশিক্ষণৰ বাবে অসম চৰকাৰে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়লৈ নিৰ্বাচন কৰে৷ তাত এবছৰীয়া প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰাৰ পাছত অসমলৈ ঘূৰি আহি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষা শাখাৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে৷
১৯৫৪ চনত ড০ গোলোকচন্দ্ৰ গোস্বামীয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে৷
১৯৫৪ চনৰে ১৫ নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ পুণেৰ ডেক্কান কলেজত অনুষ্ঠিত Winter School of Linguistics শীৰ্ষক ভাষা-বিজ্ঞানৰ প্ৰশিক্ষণ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰে৷
১৯৫৫ চনৰ ২ মে’ত মামনি দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
১৯৫৫ চনৰ মে’ মাহৰ পৰা ১৯৫৬ চনৰ শেষভাগলৈ তেওঁ পুণেৰ ডেক্কান কলেজত ভাষা-বিজ্ঞানৰ গৱেষক ছাত্ৰ হিচাপে প্ৰশিক্ষণ লয়৷
১৯৫৬ চনৰ শেষৰফালে ড০ গোস্বামীয়ে নিউয়ৰ্কৰ ৰ’কফেলাৰ ফাউণ্ডেশ্যনৰ ৰিছাৰ্চ ফেল’ হিচাপে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ বাৰ্কলি টোলত ভাষাবিজ্ঞান বিভাগত যোগদান কৰে৷
১৯৬৭ চনত গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ আৰু ১৯৭৮ চনত অসমীয়া বিভাগৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ ১৯৮৫ চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে৷
গোস্বামীয়ে অসমীয়া ভাষাৰ আন এজন বিশিষ্ট ভাষাবিদ ড০ বাণীকান্ত কাকতীৰ Assamese: Its Formation and Development গ্ৰন্থখনৰ পুনৰ সম্পাদনাৰ উপৰি তলত দিয়া গ্ৰন্থবোৰ লিখি অসমীয়া ভাষালৈ বৃহৎ অৱদান আগ বঢ়াই গৈছে।
তেওঁ লিখা উল্লেখযোগ্য গ্ৰন্থৰাজি-
ধবনি-বিজ্ঞানৰ ভূমিকা (১৯৬৬ চন)
An Introduction to Assamese Phonology (১৯৬৬)
অসমীয়া বৰ্ণ প্ৰকাশ (১৯৬৯)
অসমীয়া আখৰ জোঁটনি (১৯৭২)
অসমীয়া গোলোক ব্যাকৰণ (প্ৰবোধ ভাগ) (১৯৭২)
অসমীয়া গোলোক ব্যাকৰণ (সুবোধ ভাগ) (১৯৭৪)
Structure of Assamese (১৯৮৩)
হিন্দী-অসমীয়া-ইংৰাজী ত্ৰিভাষী অভিধান (১৯৮৫)
হিন্দী-অসমীয়া লঘুকোষ (১৯৮৫)
ভাৰতীয় ভাষাকোষ (১৯৮৫)
অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ (১৯৮৭)
ভাষা-ভাষাণিকা (১৯৯২)
অসমীয়া ব্যাকৰণ প্ৰৱেশ (২০০০)
অসমীয়া ভাষাৰ অনুশীলন (২০০০)
অসমীয়া ভাষাৰ উচ্চাৰণ (২০০০)
অসমীয়া ব্যাকৰণ প্ৰৱেশ (২০০২)
অসমীয়া আখৰ জোঁটনি সমীক্ষা (২০০৯)
তেওঁক অসম ভাষা-বিজ্ঞান সমিতিয়ে ‘ভাষাচাৰ্য্য’ উপাধিৰে আৰু অসম সাহিত্য সভাই দিয়া ‘সাহিত্যাচাৰ্য’ উপাধিৰে বিভূষিত কৰিছে।
তদুপৰি ২০০১ চনত তেওঁক আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ পৰা ‘আনন্দৰাম বৰুৱা বঁটা’ৰে সন্মানিত কৰা হয়৷
২০০৮ চনত সাতভনী মিত্ৰ মঞ্চ, অসম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে তেওঁক ‘ভাষাগুৰু’ সন্মানেৰে বিভূষিত কৰে৷
তেওঁ অসম ভাষা-বিজ্ঞান সমিতিৰো প্ৰতিষ্ঠাপক সভাপতি আছিল৷