• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিৰ পৰলোকপ্ৰাপ্তি : শোকত স্তব্ধ ৰাজ্যৰ অনুৰাগী সমাজ

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
May 12, 2021 8:30 am
Homen Borguhain
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা সম্পাদক হোমেন বৰগোহাঞিৰ পৰলোকপ্ৰাপ্তি ঘটিছে।

আজি পুৱা ৬.৫৮ বজাত অসমৰ বৰ্ষীয়ান বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে গুৱাহাটীৰ GNRCত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছে।

Apply Now

মৃত্যুৰ সময়ত বিশিষ্ট সাহিত্যিকগৰাকীৰ বয়স হৈছিল ৮৮ বছৰ। স্মৰ্তব্য যে কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ বিশিষ্ট সাহিত্যকগৰাকী আৰোগ্য হৈ উঠিছিল যদিও তেওঁৰ স্বাস্থ্য পুনৰ অৱনতি ঘটে।

একেধাৰে সাহিত্যিক, সাংবাদিক, সম্পাদক আৰু যৌৱনৰ কালছোৱাত কবি হিচাপে খ্যাতি লাভ কৰা হোমেন বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত।

প্ৰখৰ মেধাসম্পন্ন হোমেন বৰগোহাঞিয়ে লখিমপুৰতে স্কুলীয়া শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে।

কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী চৰকাৰী বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছলৈ চাকৰি ত্যাগ কৰি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে হোমেন বৰগোহাঞিয়ে।

১৯৫৮ চনত প্ৰখ্যাত অসমীয়া লেখিকা নিৰুপমা বৰগোহাঞিৰ সৈতে হোমেন বৰগোহাঞিয়ে বিবাহপাশত আৱদ্ধ হয়। বৰগোহাঞি দুটি পুত্ৰ সন্তানৰ পিতৃ আৰু ১৯৭৭ চনত তেওঁ নিৰুপমা বৰগোহাঞিৰ পৰা পৃথক হয়।

সৰুৰে পৰা সাহিত্য চৰ্চাৰ প্ৰতি অনুৰক্ত হোমেন বৰগোহাঞিয়ে কটন কলেজত অধ্যনয়ৰত অৱস্থাতে এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। গল্প-কবিতাৰে লেখক জীৱন আৰম্ভ কৰি প্ৰসিদ্ধি লাভ কৰা হোমেন বৰগোঞাহিয়ে পিছলৈ সমসামিয়ক নিৱন্ধ আৰু জীৱনমূলক ৰচনাৰ সমান্তৰালভাৱে উপন্যাস লিখিবলৈও আৰম্ভ কৰে। অসমীয়া সাহিত্যৰ সমালোচক হিচাপেও কিছু দক্ষতাৰ পৰিচয় দিছিল যদিও পিছলৈ বৰগোহাঞিয়ে সেই ধাৰাৰ অব্যাহত নাৰাখিলে।

‘ইছমাইল শেখৰ সন্ধানত, হাতী, গৰখীয়া আদি গল্পৰ স্ৰষ্টা হোমেন বৰগোহাঞিৰ প্ৰথমখন উপন্যাস হ’ল ‘সুবালা’। ইয়াৰ পিছতে সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাইয়ে বাওধান খায়, অস্তৰাগ, পিতাপুত্ৰ, তিমিৰ তীৰ্থ, কুশীলৱ, মৎস্যগন্ধা, তান্ত্ৰিক এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা আদিকে কৰি বৰগোহাঞিৰ কেবাখনো উপন্যাস প্ৰকাশ পায়।

১৯৭৮ চনত উপন্যাস পিতাপুত্ৰৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও বৰগোহাঞিয়ে মেগৰৰ অসম সাহিত্য উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, মৎসেন্দ্ৰ বঁটা আদিকে ধৰি বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।

আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু(দুটা খণ্ডত) আৰু মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আদি আত্মজীৱনীমূলক গ্ৰন্থও লিখি থৈ গৈছে হোমেন বৰগোহাঞিয়ে। তেওঁৰ একমাত্ৰ কবিতা পুথিখন হ’ল ‘হৈমন্তী’।

হোমেন বৰগোহাঞিৰ জীৱনৰ উৎকৰ্ষ সাধনমূলক আৰু বিভিন্ন বিষয়ক কেবাখনো ৰচনা সংকলন লিখি থৈ গৈছে। ইয়াৰ ভিতৰত গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা, কথা-বাৰ্তা, পাঠকৰ টোকাবহী, আশীৰ দশকৰ দস্তাবেজ, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, আধুনিক যুগৰ জন্ম কাহিনী, কিতাপ পঢ়াৰ আনন্দ, স্বৰ্গ আৰু নৰক, ৰহস্যময় বিষাদ আৰু যন্ত্ৰণা, ডাৰউইন, মই যেতিয়া ক্লান্ত হওঁ, আত্ম দিপো ভৱ, মোৰ টোকাবহীৰ পৰা আদিয়ে প্ৰধান।

আজীৱন অসম সাহিত্য সভাৰ সমালোচকৰূপে চিহ্নিত হোমেন বৰগোহাঞিয়ে সকলোকে আচৰিত কৰি ২০০২ চনৰ ডিব্ৰুগড় অধিবেশনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সভাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁৰ আশাসুধীয়া প্ৰচেষ্টাতে অসমীয়া বিশ্বকোষৰ সাতটাকৈ খণ্ড প্ৰকাশ কৰি উলিওৱা হয়।

সাপ্তাহিক নীলাচলত সাংবাদিকতা আৰম্ভ কৰা হোমেন বৰগোহাঞিয়ে বিগত সময়ছোৱাত সূত্ৰধাৰ, নাগৰিক, সাতসৰী আদি আলোচনী, অসম বাণী, আমাৰ অসম, অসমীয়া দৈনিক বাতৰি, নিয়মীয়া বাৰ্তাৰ আদি সাপ্তাহিক আৰু দৈনিক বাতিৰ কাকতৰ সম্পাদক ও মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰতখনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়তো হোমেন বৰগোহাঞি দৈনিক  বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

‘বিংশ শতাব্দীৰ সন্ধানত’, সোণাৰাম চুতীয়া: এজন অসাধাৰণ সাধাৰণ মানুহ আদি মূল্যৱান গ্ৰন্থও হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰিছিল।

মোৰ সাংবাদিক জীৱন আৰু আশী দশকৰ দস্তাবেজত অসমৰ সেই সময়ৰ সমসাময়িক ৰাজনৈতিক ইতিহাসক বৰগোহাঞিয়ে নিজস্ব দৃষ্টিভংগীৰে পৰ্যালোচনা আৰু বিশ্লেষণ কৰিলেও তেওঁ ৰাজনৈতিক স্থিতিক লৈ বহু সময়ত বিতৰ্কৰো সূত্ৰপাত হৈ আহিছে। কোনো নিৰ্দিষ্ট ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি অনুৰক্ত নোহোৱা বৰগোহাঞিৰ ৰাজনৈতিক স্থিতিকলৈ প্ৰশ্ন উত্থাপন হৈ আহিলেও গুণমুগ্ধ আৰু তেওঁৰ সমালোচকসকলক আচৰিত কৰি ২০১৫ চনত বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত সাম্প্ৰদায়িক অসহিষ্ণুতাৰ সৃষ্টি কৰাৰ প্ৰতিবাদত সাহিত্য অকাডেমিৰ পুৰস্কাৰ ঘূৰাই দিছিল।

তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে সিঁচৰিত হৈ থকা তেওঁৰ গুণমুগ্ধসকল শোকত স্তব্ধ হৈ পৰিছে। সামাজিক মাধ্যমত বিশিষ্ট লেখকগৰাকীৰ মৃত্যুৰ বাতিৰ বিয়পি পৰাৰ লগে লগে বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমম্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে অসমীয়া জাতীয়ে এগৰাকী অভিভাৱক হেৰুৱালে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, “অসমীয়া জাতিয়ে আজি এগৰাকী অভিভাৱক হেৰুৱালে৷ অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্যৰ জগতক সমৃদ্ধ কৰা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছো৷ তেখেতৰ বিয়োগে আমাৰ মাজত এক বৃহৎ শূণ্যতাৰ সৃষ্টি কৰিলে।”

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd