NORTHEAST NOW (Assamese)

পৰেশ বৰুৱাক মূলসূঁতিলৈ উভতি আহিবলৈ আহ্বান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

December 31, 2021 8:17 pm · দীপক কুমাৰ পাঠক, বাক্সা
Updated: December 31, 2021 8:24 pm

নৱবৰ্ষৰ অন্তিম দিনটোত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই পৰেশ বৰুৱাক মূল সূঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছে।

তথ্য আৰু প্ৰযুক্তিৰ যুগত ৰাজ্যত স্থায়ী শান্তি স্থাপনৰ স্বাৰ্থত পৰেশ বৰুৱাক মূল সূঁতিলৈ উভতি আহিবলৈও অনুৰোধ জনালে প্ৰমোদ বড়োৱে।

প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে বিটিআৰবাসী আৰু ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা কৰিছে প্ৰমোদ বড়োৱে।

কৰোনা মহামাৰীৰ পৰা যাতে দেশবাসী মুক্ত হয় তাৰ বাবেও তেওঁ ভগৱানক প্ৰাৰ্থনা জনায়।

অসমীয়া তথা খিলঞ্জীয়াৰ স্বাৰ্থত পৰেশ বৰুৱাক হাতে হাতে ধৰি কাম কৰি যোৱাৰ আহ্বান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।

শুকুৰবাৰে আবেলি বাক্সাৰ নাগ্ৰীজুলিস্থিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস মুকলি কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে প্ৰমোদ বড়োৱে।

Related News