দেশৰ গাদ্দাৰক গুলী মৰাৰ শ্লোগান দিয়া অনুৰাগ ঠাকুৰৰ আছে বন্দুক, আৰু কি কি আছে অনুৰাগৰ সম্পত্তিৰ তালিকাত?

 ‘দেশ কি গাদ্দাৰ কো, গুলী মাৰো সালে কো’ বুলি শ্লোগান দিছিল বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে। ঠাকুৰৰ এই বক্তব্যক লৈ সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ।

লোকসভা নিৰ্বাচনত মনোনয়ন দাখিল কৰাৰ সময়ত নিৰ্বাচনী আয়োগৰ আগত শপতানামাৰ জৰিয়তে নিজৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিছে অনুৰাগ ঠাকুৰে। ঠাকুৰৰ এই সম্পত্তিৰ তালিকাত আছে আগেয়াস্ত্ৰ।

অনুৰাগৰ চাৰে পাঁচ কোটি টকাৰ অস্থাৱৰ সম্পত্তিৰ ভিতৰত আছে এটা পিষ্টল আৰু এটা ৰাইফল ।

উল্লেখ্য যে পাঁচ বছৰত তেওঁৰ ধন-সম্পত্তি প্ৰায় দুগুণ বৃদ্ধি পাইছে।

নিৰ্বাচন আয়োগক দিয়া শপতনামাত অনুৰাগে উল্লেখ কৰিছে যে তেওঁৰ মুঠ সম্পত্তি ১০.৭ কোটি টকা। বীমা বিনিয়োগত মুঠ ৯টা পলিচি আছে অনু্ৰাগৰ।  ইয়াৰ পৰিমাণ প্ৰায় ৬৬.৪৫ লাখ টকা।

শ্বেয়াৰ আৰু মিউচুৱেল ফাণ্ডত তেওঁৰ বিনিয়োগ প্ৰায় ২৬০ শতাংশ বৃদ্ধি পাইছে। ২০১৯ চনত এই দুটা খণ্ডত তেওঁৰ মুঠ বিনিয়োগ আছিল ৭৯ লাখ টকা। তাত তেওঁৰ শ্বেয়াৰত ৪৭.৩৫ লাখ টকা বিনিয়োগ কৰা হৈছে। কিন্তু এইচ ডি এফ চি বেংকত মিউচুৱেল ফাণ্ডৰ বিনিয়োগ বৃদ্ধি পাই ডেৰ লাখ টকালৈ!

উল্লেখ্য যে অনুৰাগৰ পত্নী শ্বেফালীৰো আছে এটা আগ্নেয়াস্ত্ৰ, যাৰ মূল্য প্ৰায় ডেৰ-দুই লাখ টকা।

অনুৰাগৰ স্থাৱৰ সম্পত্তিৰ ভিতৰত আছে হিমাচল প্ৰদেশৰ কৃষিভূমি যাৰ বজাৰ মূল্য ২.৫ কোটি টকা। পঞ্জাৱৰ জলন্ধৰ আৰু কাপুৰথালাতো প্ৰায় এক কোটি টকাৰ মাটি আছে অনুৰাগ ঠাকুৰৰ।

জলন্ধৰত তেওঁৰ ঘৰো আছে, যাৰ মূল্য ১.৮৯ কোটি টকা। ইয়াৰ উপৰিও তেওঁৰ আছে ১.৪৩ কোটি টকাৰ ঋণ।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে অনুৰাগ হিমাচল প্ৰদেশৰ হামিৰপুৰৰ লোকসভাৰ বিজেপি প্ৰাৰ্থী। ২০০৮ চনৰ পৰা অনুৰাগে এই সমষ্টি দখল কৰি আহিছে।

হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অনুৰাগৰ পিতৃ প্ৰেমকুমাৰ ধুমল এসময়ত এই সমষ্টিৰেই সাংসদ আছিল।