• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজ সমষ্টিতে জনৰোষৰ সন্মুখীন মন্ত্ৰী অতুল বৰা; সাহায্যৰ নামত মন্ত্ৰীয়ে দিয়া খাদ্য সামগ্ৰী প্ৰত্যাখান ৰাইজৰ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , June 23, 2020 8:50 pm

2 min read

নিজ সমষ্টিতে জনৰোষৰ সন্মুখীন মন্ত্ৰী অতুল বৰা; সাহায্যৰ নামত মন্ত্ৰীয়ে দিয়া খাদ্য সামগ্ৰী প্ৰত্যাখান ৰাইজৰ
935
VIEWS
Share on FacebookShare on Twitter

বোকাখাত সমষ্টিৰ বিধায়ক মন্ত্ৰী অতুল বৰাই ল’কডাউনৰ সময়ত বিপদগ্ৰস্ত লোকৰ বাবে খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰি বিগত দুটা মাহ সমষ্টিৰ বিভিন্ন স্থানত খাদ্য সামগ্ৰী বিতৰণ কৰি ফুৰিছে ৷

জানিব পৰা মতে, সমষ্টিৰ ৬০ হেজাৰ লোকক খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে মন্ত্ৰী অতুল বৰাই। নিৰ্বাচনৰ প্ৰাকক্ষণত এইয়া নিৰ্বাচনী কৌশলহ বুলি লাহে লাহে ৰাইজে ভাবিবলৈ আৰম্ভ কৰিছে ৷

আজি বোকাখাত নগৰৰ চাৰিটা ৱাৰ্ডৰ উপৰিও বহিখোৱা আৰু ১ নং বেলগুৰি গাঁৱৰ লোকৰ মাজতো অতুল বৰাই খাদ্য সামগ্ৰীৰ টোপোলা দিয়া কথা আছিল ৷ যাৰ বাবে বোকা পানীৰে পৰিপূৰ্ণ বাট অতিক্ৰমি সমবেত হৈছিল গাওঁবাসী ৷

গাওঁবাসীয়ে মন্ত্ৰী গৰাকীক লগ কৰি ৰাইজৰ দুখ-দুৰ্দশা কথা অৱগত কৰি সমাধান পাব বুলি আশাও কৰিছিল কিন্তু বহু প্ৰতীক্ষাৰ পাচতো মন্ত্ৰী অতুল বৰা উপস্থিত নহ’ল ৷

ইয়াৰ বিপৰীতে মন্ত্ৰীজনাৰ লগত থকা পালি প্ৰহৰী সকলে পথৰ ওপৰতে খাদ্যৰ টোপোলা পেলাই থৈ যায় ৷

অতুল বৰাৰ এই কাৰ্যত ক্ষোভিত হৈ পৰে গাঁওবাসী ৷ গেলা আলু, পিয়াজ, গোটমৰা আটা আদিৰে দিয়া অতুল বৰাৰ খাদ্য সামগ্ৰী বাঢ়নি পানীত উটুৱাই দি প্ৰতিবাদ জনায় গাওঁবাসীয়ে ৷ 

ইফালে, বহিখোৱা গাওঁতো সাহায্য বিতৰণৰ বাবে মন্ত্ৰী আহিব বুলি সমবেত হয় গাওঁবাসী ৷

মন্ত্ৰীক ৰাইজৰ অভাৱ অভিযোগ অৱগত কৰিবৰ বাবে হাতে হাতে প্লে কাৰ্ডো লৈ আহে একাংশ লোকে ৷

”আমাক ১ কিলো আলু নালাগে,আমাক লাগে এখন দলং পকী ৰাস্তা ৷ বিধায়ক পুঁজিৰ টকাবোৰেৰে সমষ্টিৰ কি কি উন্নয়ণ কৰিলে তাৰ ৰিপৰ্ট কাৰ্ড ৰাজহুৱা কৰক ৷ বহিখোৱাবাসী ৰাইজৰ ভূমিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি দিয়া কথাবোৰ পাহৰি গ’ল কিয়,” আদি প্লে কাৰ্ড লৈ সমবেত হ’য় গাঁৱবাসী ৷

এই পৰিস্থিতিৰ উমান পাই বহিখোৱা গাঁৱলৈও অহাৰ পৰা বিৰত থাকে মন্ত্ৰী অতুল বৰা ৷

শেষত মন্ত্ৰী অতুল বৰাৰ প্ৰতিনিধিহৈ অসম গন পৰিষদ দলৰ তিনিগৰাকী কৰ্মকৰ্তা গৈ বহিখোৱা গাঁৱত  উপস্থিত হৈ অতুল বৰাই দিয়া খাদ্য সামগ্ৰী লবৰ বাবে গাওঁবাসীক অনুৰোধ জনায় ৷

সমবেত ৰাইজে কিন্তু অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে দি যোৱা প্ৰতিশ্ৰুতিৰ আৰু ৰাইজৰ দাবীৰ উত্তৰ দিবৰ বাবে মন্ত্ৰী আহিব লাগিব বুলি দাবী জনাই মন্ত্ৰী অতুল বৰাৰ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰত্যাখন কৰে ৷

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd