NORTHEAST NOW (Assamese)

মাইক্ৰ’ফাইনেঞ্চ বন্ধ কৰাৰ দাবীত টীয়কত বিশাল প্ৰতিবাদী ৰেলী

December 29, 2020 3:09 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি, মাইক্ৰ’ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চ আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত আজি যোৰহাট জিলাৰ টীয়ক নগৰৰ মাজমজিয়াত এক প্ৰতিবাদী ৰেলী বাহিৰ কৰা হয়।

মাইক্ৰ’ফাইনেঞ্চ বন্ধ কৰক নহ’লে আমাক মাৰি পেলাওক, কৃষক নেতা অখিল গগৈক অনতি পলমে মুক্তি দিয়ক লগতে কা আমি নামানো আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।

লগতে বিভিন্ন দাবী সন্নিবিষ্ট এক স্মাৰক পত্ৰ টীয়ক ৰাজহ চক্ৰৰ যোগেদি চৰকাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰতিবাদ কৰি অহাৰ পাছতো বিষয় সমূহত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষুভিত হৈ পৰে  প্ৰতিবাদকাৰীসকল।

চৰকাৰে অনতি পলমে ইয়াৰ উচিত ব্যৱস্থা নকৰিলে অহা বিধানসভা নিৰ্বাচনৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু আছে বুলি হুংকাৰ প্ৰদান কৰে।

Related News