• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুখৰ দিনত সহায়ৰ হাত আগবঢ়োৱা কংগ্ৰেছলৈ পিঠি দি বিজেপিত শৰণ ল’লে অজন্তা নেওগে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 29, 2020 2:42 pm

2 min read

c1ae1c9c-c372-4437-b67e-8d6d0680e486
6.9k
VIEWS
Share on FacebookShare on Twitter

‘এটা খোলা মন লৈ বিজেপিলৈ আহিছো; ন বোৱাৰীৰ দৰে সকলোৱে আদৰি ল’ব।‘ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি ভাষণ প্ৰসংগত এইদৰে কয় প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগে।

দলৰ মজিয়ালৈ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীক আদৰণি জনায় সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই।

ইপিনে, ভাষণ প্ৰসংগত তেওঁ ‘আজি এটা নতুন ৰাস্তাত খোজ দিলো।‘ বুলি উল্লেখ কৰি লগতে কয় ‘ৰাজনীতিত সুদীৰ্ঘ সময় আছো আৰু এটা প্ৰতিকূল পৰিস্থিতিত ৰাজনীতিলৈ আহিছিলো। মন্ত্ৰীৰ দায়িত্তব থাকোতে বা কংগ্ৰেছত থকাৰ সময়তো  কোনো স্বাৰ্থ নোহোৱাকৈ অতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছিলো।‘

তেওঁ আৰু কয় ‘কোনো পূৰ্ব চৰ্ত নথকাকৈ খোলা মনোভাৱৰে আজি আপোনালোকৰ মজিয়ালৈ আহিছো। নতুন ঘৰখনৰ মজিয়ালৈ আহিছো। যেতিয়া ঘৰখনৰ ভিতৰলৈ আহিছো গতিকে সকলো সদস্যই সম-মৰ্য্যদাৰে এটা পৰিৱেশত থাকিব লাগে। মোক সন্মানসহকাৰে ৰাখিব লাগিব বুলি বিজেপিক পুৰ্বচৰ্ত দিছিলো।‘

‘এখন ঘৰত থাকি আন এখন ঘৰত আহিছো। এগৰাকী বোৱাৰীয়ে যেতিয়া নতুনকৈ ঘৰখনত খোজ দিয়ে তেওঁৰ যি অনুভৱ হয় সেই একেই অনুভৱ মোৰ হৈছে।‘ অজন্তাই এইদৰে কয়।

এতিয়া বিজেপিৰ নেতাসকল অজন্তাৰ বাবে অভিভাৱক বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘এই অভিভাৱকত্বৰে মোক পথ দেখুৱাব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ ভৱিষ্যত দৰ্শন আছে যিটো আমাৰ কাৰণে অতি দৰকাৰ। ৰাজনৈতিক দৰ্শন নথকা দল এটাই কেতিয়াও আগবাঢ়ি যাব নোৱাৰে।‘

ইপিনে, কংগ্ৰেছ ত্যাগৰ এটা কাৰণ বাখ্যা কৰি অজন্তাই কয় ‘ যিটো দলত আছিলো সেইটো দলত মানুহৰ মাজত ব্যৱধান বৃদ্ধি হৈছে। মই বৰ আঘাত পালো। ২০ বছৰ ধৰি যিটো দলত আছিলো তাত যিখিনি মই মৰ্য্যদা পাব লাগিছিল সেই মৰ্য্যদাত আঘাত হ’ল। সেয়েহে ততাতৈয়াকৈ বিজেপিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। বিজেপিত যোগদান কৰাটো পূৰ্ব পৰিকল্পিত নাছিল।‘

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ লগতে লক্ষীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজদ্বীপ গোৱালা আৰু গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়েও আজি  বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd