NORTHEAST NOW (Assamese)

বি টি চি চুক্তি পুনৰীক্ষণৰ দাবীত কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল; য়ু টি চি গঠনৰ বিৰোধিতা

December 10, 2018 10:38 pm · ৰিনয় বসুমতাৰী

২০০৩ চনৰ ১০ ফেব্ৰৱাৰীত কেন্দ্ৰ, ৰাজ্য আৰু বিএলটি নেত্ৰীবৰ্গৰ মাজত সম্পন্ন হোৱা বিটিচি চুক্তি পুনৰীক্ষণ আৰু জাতি জনগোষ্ঠী সমুহৰ অস্তিত্ব ৰক্ষাৰ দাবীত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত বৃহৎ প্ৰতিবাদী সমদল আৰু সভা অনুষ্ঠিত হয়।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ডিমলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যালয় প্ৰাংগনৰ পৰা কেবাসহস্ৰাধিক জনতাই হাতে হাতে বেনাৰ ফেষ্টুন, প্লেকাৰ্ড লৈ পদব্ৰজে জেডি পথেৰে কোকৰাঝাৰ সদৰ চহৰত প্ৰৱেশ আৰু পৰিভ্ৰমণ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ।

কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰাৰ সময়ত প্ৰতিবাদকাৰী সকলে বি টি চি চুক্তি পুনৰীক্ষণ, জাতি জনগোষ্ঠীৰ সম-অধিকাৰ আৰু সম-উন্নয়ন আদিৰ দাবীৰে কোকৰাঝাৰ চহৰ কঁপাই তোলে। পিছত তেওঁলোকে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰী আৰু গৃহ মন্ত্ৰীলৈ তিনিদফীয়া দাবীৰে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

তেওঁলোকে দিয়া স্মাৰকপত্ৰ অনুসৰি বি টি চি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ক্ৰমান্বয়ে আন আন জনগোষ্ঠীসমূহ নিজ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। চুক্তি অনুসৰি ৫০ শতাংশতকৈ অধিক বড়ো জনসংখ্যা থকা গাঁওহে বি টি এ ডিত অন্তৰ্ভুক্ত হ’ব লাগিছিল যদিও বাস্তৱক্ষেত্ৰত চুক্তি উলংঘা কৰি ৩০৮২ খন অনা বড়ো অধ্যুষিত গাঁও বি টি এ ডিত অন্তৰ্ভুক্ত হৈছে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে।

আনহাতে য়ু টি চি গঠনৰ কুচকাৱাজকো তীব্ৰ ভাষাৰে নিন্দা কৰি অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীৰ লোকৰ মতামত নোলোৱাকৈ বি টি এ ডি সন্দৰ্ভত কোনো ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিলে পৰিস্থিতি ভয়াৱহ হৈ পৰিব বুলিও তেওঁলোকে মন্তব্য কৰে।

উল্লেখযেগ্য যে বি টি চি চুক্তি পুণৰীক্ষণ আৰু জাতি জনগোষ্ঠী সমূহৰ অস্তিত্ব ৰক্ষাৰ দাবীত অনুষ্ঠিত হোৱা প্ৰতিবাদী সমদলৰ পূৰ্বে ডিমলগাঁওস্থিত আক্ৰাছুৰ কাৰ্যালয় প্ৰাংগনত এক সভাও অনুষ্ঠিত হয়। উক্ত সভাত কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ চাওতাল ছাত্ৰ সন্থা, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা আৰু সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদককে ধৰি বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰি তেওঁঁলোকৰ দাবী পুৰণ নোহোৱালৈকে সংগ্ৰাম অব্যাহত ৰখাৰ অংগীকাৰবদ্ধ হয়।

Related News