DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীঘ্ৰে দলং নিৰ্মাণৰ দাবীত কাউলীত মটঙা নৈৰ পানীত নামি ৰাইজৰ তীব্ৰ প্ৰতিবাদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 11, 2020 7:43 pm
488
VIEWS
Share on FacebookShare on Twitter

কুমাৰীকাটা সংযোগী পথত মটঙা নৈৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবীত আজি অঞ্চলটোৰ ৰাইজে নদীৰ পানীত নামি অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰে।

স্বাধীনোত্তৰ কালত নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা সংযোগী পথত মটঙা নদীৰ ওপৰত আজিলৈ এখন পকী দলং নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ হেজাৰ হেজাৰ লোক বছৰৰ পিছত বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যাতনা ভুগি আহিছে।

বাৰিষা কালত মটঙা আৰু বাল্টি নদীত পানীৰে ভৰি পৰাৰ বাবে অঞ্চলটোৰ পৰা বিদ্যালয়-মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্র-ছাত্ৰী,  চিকিৎসালয়লৈ ৰোগী অনা-নিয়াৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে।

কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে দলং নোহোৱা বাবে কৃষিজাত সামগ্ৰী সমূহ নাগ্ৰীজুলি-কুমাৰীকাটা গুৱাবাৰী  বজাৰলৈ বিক্ৰী কৰিব নিব নোৱাৰাৰ ফলত উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰি আহিছে।

বিগত বছৰ অঞ্চলটোৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পাঁচ লক্ষাধিক টকা ব্যয় সাপেক্ষে এখন বাঁহৰ দলং সাজিছিল উলিয়াইছিল আৰু সেই দলঙখনেৰে যাতায়ত অব্যাহত ৰাখিছিল। কিন্তু এবছৰ উকলি যোৱাৰ পিছত দলংখন জৰাজীৰ্ণ হৈ পৰে আৰু বৰ্তমান মটঙা নৈৰ  বাঢ়নী পানীয়ে দলংখনলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।

আজি কাউলী অঞ্চলৰ অৰ্ধ শতাধিক  ৰাইজে মটঙা নদীৰ পাৰত উপস্থিত হৈ নদীৰ  একাঠু পানীৰ মাজলৈ গৈ দলং নিৰ্মাণৰ দাবীত শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে আমাক দলং লাগে, দলং দিয়ক, দলং নহলে ভোট দিয়া নহ’ব, অসম চৰকাৰ হাই হাই আদি শ্লোগান দি কাউলীৰ মটঙা নৈৰ বুকু উত্তাল কৰি তোলে আৰু মটঙা আৰু বাল্টি নৈৰ ওপৰত শীঘ্ৰে  দলং নিৰ্মাণৰ দাবী জনায়।

চৰকাৰে দলং নিৰ্মাণ নকৰিলে আগন্তুক নিৰ্বাচনত অঞ্চলটোৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলিও লগতে কয়।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd