NORTHEAST NOW (Assamese)

মাটিয়াত তীব্ৰ প্ৰতিবাদ; হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ বাবে বন বিভাগক দোষাৰোপ

October 30, 2019 12:29 pm · নীলমণি শৰ্মা
Updated: October 30, 2019 1:00 pm
ফটো : নৰ্থ-ইষ্ট নাও

মঙলবাৰৰ দিনটোত গোৱালপাৰা জিলাৰ ভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ আক্ৰমণত পাঁচজনকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি জিলাখনৰ মাটিয়া থানাৰ সন্মুখত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

২৪ ঘণ্টাৰ ভিতৰতে পাঁচজনকৈ লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাক বন বিভাগৰ চৰম বিফলতা আখ্যা দিয়াৰ লগতে বিয়াগোম বিভাগটোৱে নিৰ্লিপ্ত ভূমিকা পালন কৰা বুলি ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।

প্ৰতিবাদকাৰী সকলে থানাৰ সন্মুখত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি বনৰীয়া হাতীৰ সন্ত্ৰাসৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে মঙলবাৰে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোক কেইগৰাকী হ’ল ক্ৰমে বাকাইটাৰী গাঁৱৰ টিকেন চন্দ্ৰ নাথ, মিজানুৰ ৰহমান আৰু জাহানাৰা খাতুন।

আনহাতে ‘লাডেন’ নামৰ বনৰীয়া হাতীটোৰ আক্ৰমণত সিধাবাৰী গাঁৱৰ মিনতী কলিতা আৰু কাৰিপাৰা বগুৱানৰ হাছিনা বেগম নামৰ দুগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Related News