NORTHEAST NOW (Assamese)

ক্ষুব্ধ স্কুলীয়া ছাত্ৰৰ সহযোগত আটছাৰ প্ৰতিবাদ; ডাম্পাৰে বিধ্বস্ত কৰিছে উদমাৰিৰ মূল পথ

February 29, 2020 4:37 pm · ভাৰ্গব হাজৰিকা
Updated: February 29, 2020 4:58 pm
ডাম্পাৰে বিধ্বস্ত কৰা পথটো, ফ'টো- ভাৰ্গৱ হাজৰিকা

শিল ভৰ্তি ডাম্পাৰৰ অবাধ চলাচলে বিধ্বস্ত কৰিছে চামগুৰিৰ উদমাৰি অঞ্চলৰ মূল পথ।

ক্ষুব্ধ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সহযোগত আটছাৰ নেতা কৰ্মীয়ে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী।

শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সহযোগত নগাঁও জিলাৰ চামগুৰিত শনিবাৰে বিয়লি অসম চাহ জনজাতি ছাত্ৰ সন্থাই অবাধ ডাম্পাৰ চলাচলৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী বিভিন্ন শিলৰ কোৱাৰি আৰু ক্ৰেচাৰ মিচিনৰ পৰা শিল সৰবৰাহ কৰা ডাম্পাৰৰ বাবে চামগুৰিৰ উদমাৰিৰ বৃহত্তৰ অঞ্চলটোৰ মূল পথ সমূহৰ দুৰৱস্থা হোৱাক কেন্দ্ৰ কৰি আটছাই এক প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰে।

নিতৌ মাত্ৰাধিক শিল কঢ়িয়াই নিয়া শতাধিক ডাম্পাৰে কঠালগুৰি-শালনা পথটি বিধ্বস্ত প্ৰায় অৱস্থা কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদ থলীত।

সুদীৰ্ঘ বিধ্বস্ত পথ চোৱাৰ বাবে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অসুস্থ লোক তথা সাধাৰণ পথচাৰীসকলে নিতৌ যমৰ-যাতনা ভোগ কৰিবলৈ বাধ্য হোৱাক কেন্দ্ৰ কৰি চুড়ান্ত ক্ষোভ উজাৰিলে আটছাৰ নেতৃত্ববৰ্গই।

পথ চোৱাৰ উপযুক্ত মেৰামতি কৰা তথা পথ চোৱাৰে নিতৌ অবাধ হাৰত চলাচল কৰা ডাম্পাৰ সমূহক নিয়ন্ত্ৰণ কৰিবলৈ সংশ্লিষ্ট কতৃপক্ষ তথা প্ৰশাসনৰ ওপৰত বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱাত শতাধিক ছাত্ৰ-ছাত্ৰীৰ সহযোগত আটছাৰ চামগুৰি উপ-শাখাৰ নেতা কৰ্মীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জানিব দিয়ে সংবাদ মাধ্যমক।

ইফালে শীঘ্ৰে পথচোৱাৰ মেৰামতি কৰাৰ লগতে ডাম্পাৰৰ অবাধ গমণ ৰোধ কৰিবলৈ প্ৰশাসনৰ ওপৰত দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীসকলে।

অন্যথা আনাগত সময়ত কেতবোৰ বিষয়ক কেন্দ্ৰ কৰি চামগুৰিত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিলে আটছাৰ নেতৃত্ববৰ্গই।

Related News