• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2026 4:48 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ মুখ্য আহ্বায়ক প্ৰণৱ দলেৰ মুক্তিৰ দাবীত বোকাখাতত অনুষ্ঠিত হ’বলগীয়া নাগৰিক সভাত গোলাঘাট জিলা প্ৰশাসনে বাধা দিয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশাসনৰ বাধা নেওচি পৰৱৰ্তী সময়ত বোকাখাতৰ ৰাজপথত বিশাল প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে।

প্ৰণৱ দলেৰ মুক্তিৰ দাবীত আয়োজন কৰা নাগৰিক সভাখনৰ বাবে প্ৰায় এসপ্তাহ পূৰ্বেই বোকাখাতস্থিত মিচিং ৰেষ্ট হাউছ কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱা হৈছিল বুলি উদ্যোক্তাসকলে দাবী কৰে। কিন্তু শনিবাৰে সভাস্থলীত উপস্থিত হৈ মিচিং ৰেষ্ট হাউছত তলা ওলমি থকা দেখা যায়। ইয়াকে লৈ প্ৰতিবাদকাৰীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়।

Apply Now

ইয়াৰ পিছতে প্ৰশাসনৰ বাধা অতিক্ৰম কৰি প্ৰতিবাদী ৰাইজে বোকাখাতৰ ৰাজপথত বিশাল সমদল উলিয়ায়। সমদলৰ অন্তত প্ৰনৱ দলেৰ বাসগৃহৰ চৌহদত অনুষ্ঠিত হয় প্ৰতিবাদী সভা।

সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কৃষ্ণ গগৈ, নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ, কাৰ্বি আংলঙৰ সমাজকৰ্মী জন ইংতি কাথাৰ, জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহ, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতা জয়ন্ত গগৈ, ইংলে পথাৰৰ ভূমি অধিকাৰ নেত্ৰী গীতা গোৱালা, ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাসহ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰৰ দাবীত কাম কৰি অহা কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

সভাত জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে প্ৰশাসনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, প্ৰণৱ দলেৰ মুক্তিৰ দাবীত আয়োজিত নাগৰিক সভাত বাধা দিয়াটো এটা সংগ্ৰামী সত্তাক ‘অস্পৃশ্য’ জ্ঞান কৰাৰ নামান্তৰ। মিছিং জনগোষ্ঠীৰ লোক হোৱাৰ বাবেই প্ৰনৱ দলেৰ প্ৰতি এনে আচৰণ কৰা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

নৰহে এয়া গণ আন্দোলন সংকুচিত কৰাৰ ষড়যন্ত্ৰ বুলি অভিযোগ কৰি এই সন্দৰ্ভত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই উত্তৰ দিব লাগিব বুলিও মন্তব্য কৰে।

আনহাতে, কাৰ্বি আংলঙৰ সমাজকৰ্মী জন ইংতি কাথাৰে প্ৰণৱ দলেৰ NSA-ত বন্দিত্বক লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁৰ অভিযোগ, প্ৰনৱ দলেক NSA-ত বন্দী কৰি ৰখাটো উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলক নিজ ভূমিৰ পৰা বিতাড়িত কৰাৰ বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ। খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুৰক্ষাৰ বাবে এনে প্ৰচেষ্টাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিহত কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

মিচিং ৰেষ্ট হাউছত প্ৰশাসনে তলা লগাই দিয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে। তেওঁৰ অভিযোগ, ইংলে পথাৰত হায়াত হোটেল নিৰ্মাণৰ কাম বাধাহীনভাৱে আগবঢ়াই নিয়াৰ বাবেই প্ৰণৱ দলেক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে।

উল্লেখ্য যে কাজিৰঙাৰ ইংলে পথাৰৰ খিলঞ্জীয়া আদিবাসীসকলৰ ভূমি অধিগ্ৰহণ কৰি হায়াত কৰ্তৃপক্ষই পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰাৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰি আহিছে প্ৰণৱ দলেয়ে। খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত তেওঁ দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে।

প্ৰশাসনে নাগৰিক সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিলেও পৰৱৰ্তী সময়ত প্ৰনৱ দলেৰ বাসগৃহত অনুষ্ঠিত প্ৰতিবাদী সভাত বিপুলসংখ্যক লোকৰ উপস্থিতিয়ে তেওঁৰ মুক্তিৰ দাবীক অধিক শক্তিশালী কৰি তোলে। প্ৰতিবাদী সভাখন আঁত ধৰে মণিকংকনা বৰবৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd