প্ৰতিবাদ শেষ হোৱা নাই, পুনৰ ঘূৰি আহিম যন্তৰ-মন্তৰলৈ: হুংকাৰ সাক্ষী মালিকৰ

আজি উদ্বোধন হৈছে নতুন সংসদ ভৱন; হত্যা কৰা হৈছে গণতন্ত্ৰক: মন্তব্য বজৰং পুনিয়াৰ

wrestlers' protest Sakshi Malik

অলিম্পিককে ধৰি আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়েৰে এসময়ত দেশৰ সন্মান বিশ্বত উজ্জ্বলাই তোলা ভাৰতৰ তাৰকা মল্লযুঁজাৰুসকল আজি দেশৰ ভিতৰতে নিজ অধিকাৰ সাব্যস্ত কৰিবলৈ তথা ন্যায় লাভৰ যুঁজত নামি সন্মুখীন হ’বলগীয়া হ’ল এক অভাৱনীয় পৰিস্থিতিৰ।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ সিঙৰ লগতে কেইবাগৰাকীও প্ৰশিক্ষকৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ চলাই অহা তাৰকা মল্লযুঁজাৰুসকলে আজি নতুন সংসদ ভৱন অভিমুখে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও কেইবাগৰাকীও খেলুৱৈক আটক কৰে আৰক্ষীয়ে।

অলিম্পিক পদক বিজয়ী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু ভিনেশ ফ’গাটকো সংসদ ভৱনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে আটক কৰে। ৰাজপথলৈ ওলাই অহাটো মল্লযুঁজাৰুসকলৰ অধিকাৰ বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদক শান্তিপূৰ্ণ পদযাত্ৰা বুলি অভিহিত কৰিছিল।

আজিৰ এই অভাৱনীয় পৰিস্থিতিৰ পাছতে অলিম্পিক পদক বিজয়ী দেশৰ তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকে পুনৰ প্ৰতিবাদ আৰম্ভ কৰাৰ হুংকাৰ দিছে। দিল্লী আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে মালিকে কয় যে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ এতিয়াও শেষ হোৱা নাই আৰু অতি সোনকালে তেওঁলোক যন্তৰ মন্তৰলৈ উভতি আহিব।

এক টুইটত সাক্ষী মালিকে কয়, “আমাৰ প্ৰতিবাদ শেষ হোৱা নাই। আমি আৰক্ষীৰ জিম্মাৰ পৰা মুকলি হৈছো আৰু পুনৰ যন্তৰ মন্তৰত আমাৰ সত্যগ্ৰহ আৰম্ভ কৰিম। এই দেশত একনায়কত্ববাদ নহয়, মহিলা মল্লযুঁজাৰুৰ সত্যগ্ৰহ হ’ব।“

সাক্ষী মালিকৰ লগতে আন এগৰাকী অলিম্পিক পদক বিজয়ী বজৰংগ পুনিয়াই প্ৰতিবাদী সমদলৰ সময়ত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। আজি নতুন সংসদ ভৱন উদ্বোধনৰ সময়তে দেশত গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি মন্তব্য কৰিছিল পুনিয়াই।

উল্লেখ্য যে, আৰক্ষীয়ে আটক কৰাৰ পিছতে মল্লযুঁজাৰুসকলক বাছত উঠিবলৈ বাধ্য কৰোৱা হৈছিল আৰু বুৰাৰীৰ এটা ব্যক্তিগত ফাৰ্ম হাউচত নিৰ্মাণ কৰা অস্থায়ী কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছিল। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰস্থিত প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদী খেলুৱৈসকলে ব্যৱহাৰ কৰা বিচনা, বিচনা, কুলাৰ, ফেন আদি সামগ্ৰী আঁতৰাই পেলায়।