এসময়ত মক ইন্টাৰভিউত বহি দুৰ্নীতিৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ কথা কোৱা এজন আই পি এছ বিষয়াৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে ডাঙৰ দুৰ্নীতিৰ অভিযোগ। নিজৰ ভাতৃৰ জন্মৰ প্ৰমাণ পত্ৰ বনাবলৈ পঞ্চায়তৰ কৰ্মচাৰীয়ে ৫০০ টকাৰ ঘোচ বিচৰাত তেওঁ বহুত দুখ পাইছিল বুলি কৈছিল। কিন্তু সময় সলনি হোৱাৰ লগে লগে সেইজন মানুহৰ বিৰুদ্ধেই এতিয়া ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ উঠিছে। কথা আৰু কামৰ এনে অমিলৰ বাবে ছত্তীশগড় কেডাৰৰ ২০২২ বেটচৰ আই পি এছ বিষয়া ৰাহুল বনশল এতিয়া ছচিয়েল মিডিয়াত যথেষ্ট ট্ৰোলৰ সন্মুখীন হৈছে।
চিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ সময়ত ৰাহুল বনশলে মক ইন্টাৰভিউত কৈছিল যে ব্যৱস্থাটোত কিছুমান দুৰ্নীতিগ্ৰস্ত মানুহ থাকিলেও গোটেই ব্যৱস্থাটো বেয়া নহয়। তেওঁ জনাইছিল যে তেওঁৰ ভাতৃয়ে আই আই টি কানপুৰত পঢ়ি থকাৰ সময়ত আমেৰিকালৈ যাবলৈ জৰুৰীভাৱে জন্মৰ প্ৰমাণ পত্ৰ বনাবলৈ গৈছিল। তেতিয়া পঞ্চায়তৰ প্ৰতিনিধিয়ে ৫০০ টকাৰ ঘোচ বিচাৰিছিল। ৰাহুলে স্পষ্টকৈ কৈছিল যে সেই ৫০০ টকাৰ ঘোচ দিবলৈ তেওঁৰ বহুত বেয়া লাগিছিল।
কিন্তু সেই ঘটনাৰ কেইবছৰমান পিছত বাস্তৱৰ ছবিখন সম্পূৰ্ণ সলনি হৈ গৈছে। ছত্তীশগড়ৰ ছৰগুজা জিলাত চিটি এছ পি হিচাপে প্ৰথমটো পোষ্টিং চলি থকাৰ সময়তে এটা চাইবাৰ জালিয়াতিৰ গোচৰ মিটমাট কৰাৰ নামত ১ কোটি টকা ঘোচ লোৱাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। দিল্লীৰ এখন বিশেষ চিবিআই আদালতত দিয়া অভিযোগ অনুসৰি, আই পি এছ ৰাহুল বনশল, সহকাৰী ছাব-ইন্সপেক্টৰ প্ৰবীণ কুমাৰ ৰাঠোৰ আৰু কনিষ্টবল অংশুল শৰ্মাই মিলি এই বৃহৎ পৰিমাণৰ ধন দাবী কৰে আৰু গ্ৰহণ কৰে।
অভিযোগত লগতে কোৱা হৈছে যে ১ কোটি টকাৰ এই ঘোচ একেবাৰতে দিয়া হোৱা নাছিল। যোৱা মে’ মাহত হাৱালাৰ জৰিয়তে ৫০ লাখ টকাকৈ দুটা কিস্তিত এই ধনৰ লেনদেন কৰা হৈছে। অভিযোগকাৰীয়ে ইতিমধ্যে বেংকৰ লেনদেন, হোৱাটছএপ চেট আৰু কল ৰেকৰ্ডিংৰ দৰে ডিজিটেল প্ৰমাণ আদালতত দাখিল কৰিছে।
গোচৰটো হাতত লৈ দিল্লীৰ বিশেষ আদালতে ছত্তীশগড়ৰ ডিজিপি আৰু চিবিআইৰ সঞ্চালকৰ পৰা এই বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ প্ৰতিবেদন বিচাৰিছে। আই পি এছত যোগদান কৰাৰ আগতে ৰাহুলে আয়কৰ বিভাগৰ ইন্সপেক্টৰ হিচাপেও কাম কৰিছিল। এতিয়া এই আই পি এছ বিষয়াগৰাকীৰ পুৰণি ইন্টাৰভিউৰ ভিডিঅ’টো আকৌ এবাৰ ভাইৰেল হৈ পৰিছে। যিজন মানুহে ৫০০ টকাৰ ঘোচক অন্যায় বুলি কৈছিল, তেওঁ আজি তাৰ ২০ হাজাৰ গুণ বেছি টকাৰ দুৰ্নীতিৰ অভিযোগত চৰম আইনী সংকটত পৰিছে।





