NORTHEAST NOW (Assamese)

ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ : হিমন্ত বিশ্বক আগচি ধৰাৰ চেষ্টা প্ৰতিবাদকাৰীৰ

February 1, 2019 7:10 am · কাজি জেইদুল ইছলাম
বিশ্বনাথত বৃহস্পতিবাৰে টায়াৰ জ্বলাই বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ সাৱ্যস্ত। ফটো : নৰ্থইষ্ট নাও

বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীয়ে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগচি ধৰাৰ চেষ্টা চলায়। ধেমাজিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় আগচি ধৰি দল-সংগঠনসমূহে প্ৰতিবাদ সাৱ্যস্ত কৰাৰ চেষ্টা চলায় যদিও আৰক্ষীয়ে সেয়া ব্যৰ্থ কৰে।

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ টায়াৰ জ্বলাই দল-সংগঠনৰ প্ৰতিবাদকাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্বক আগচি ধৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

ইয়াৰ কিছুসময় পাছতেই সেইপিনেদি পাৰ হৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্বক উদ্দেশ্যি পথৰ কাষত ৰৈ থকা প্ৰতিবাদকাৰীয়ে ‘হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’ ধ্বনি দিয়াৰ লগতে বিধেয়ক বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে যোৱা ২৭ জানুৱাৰিত নলবাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰা আছুৰ প্ৰতিবাদকাৰীক আৰক্ষী আৰু বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ উপৰি বিজেপি কৰ্মীয়ে আছুৰ পতাকা গচকি কৰা অপমানৰ পাছৰে পৰা মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আছুৱে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে।

Related News