NORTHEAST NOW (Assamese)

অৰুণাচলত প্ৰচণ্ড হিংসা; উপ-মুখ্য মন্ত্ৰীৰ ঘৰ, সচিবালয়, ডি চি, এছ পিৰ কাৰ্য্যালয়, থানা, ফায়াৰ ষ্টেইশ্যন ভাঙি চূৰমাৰ

February 24, 2019 3:27 pm · এন ই নাও নিউজ
Updated: February 24, 2019 4:16 pm
উন্মত্ত জনতাই জ্বলাই দিয়া উপ-মুখ্য মন্ত্ৰীৰ ঘৰ।

অৰুণাচলত ‘খিলঞ্জীয়াৰ অধিকাৰ’ৰ দাবীত ওলাই অহা জনতাই আজি উগ্ৰ ৰূপ ধাৰণ কৰি অভূতপূৰ্ব হিংসাত্মক ঘটনা সংঘটিত কৰিছে।

প্ৰতিবাদ কৰিবলৈ ওলাই অহা উন্মত্ত জনতাই উপ-মুখ্য মন্ত্ৰীৰ বাসগৃহ, উপায়ুক্তৰ কাৰ্য্যালয়, সচিবালয়, আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়, ইটানগৰ থানা, ফায়াৰ ষ্টেইশ্যন ভাঙি চূৰমাৰ কৰে। খোদ মুখ্য মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰে উন্মত্ত জনতাই। উন্মত্ত জনতাক খেদিবলৈ অৰ্ধ-সামৰিক বাহিনী নিয়োগ কৰা হয়। জনতাক ছত্ৰভংগ দিবলৈ গুলীচালনা কৰিব লগীয়া হয়। গুলীচালনাত মুঠ ৩জন প্ৰতিবাদকাৰী নিহত হয়।

আনহাতে পথত থকা গাড়ী, দোকান, শ্বপিং মল, কাৰ্য্যালয় আদি জ্বলাই এটা ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে অনিয়ন্ত্ৰিত উন্মত্ত জনতাই। নাহৰলগুন আৰু ইটানগৰৰ পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত। দুয়োখন চহৰত সেনাই ফ্লেগমাৰ্চ কৰিছে যদিও ফ্লেগমাৰ্চ কৰা সেনাৰ দলকো আক্ৰমণ কৰে জনতাই।

ইটানগৰত প্ৰতিবাদকাৰীয়ে ভাঙি দিয়া ফ’ৰ্দ শ্ব’ৰুমৰ ছবি। সৌজন্য– ফে’চবুক।

অৰুণাচল প্ৰদেশত ৰাজ্যখন গঠন হোৱাৰ পূৰ্বৰ পৰা বাস কৰি অহা ৬টা অনা-অৰুণাচলী জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ পেমা খাণ্ডু চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে আৰম্ভ হৈছিল এই গণ-আন্দোলন। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কেইবাটাও দল-সংগঠনে ২১ ফেব্ৰুৱাৰিৰ পৰা ৪৮ ঘণ্টীয়া ইটানগৰ বন্ধ দিছিল। ইয়াৰ পিছতে হিংসাত্মক প্ৰতিবাদ লয় প্ৰতিবাদে।

আনহাতে ২৩ ফেব্ৰুৱাৰিত মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি ঘোষণাও কৰে। তাৰ পিছতো শান্ত হোৱাৰ পৰিৱৰ্তে ক্ৰমে উন্মত্ত ৰূপ লোৱা প্ৰতিবাদে।

Related News