DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2022 10:51 am
Andhra Pradesh violence over renaming district
131
VIEWS
Share on FacebookShare on Twitter

এখন জিলাৰ নতুন নামকৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অন্ধ্ৰ প্ৰদেশত। ৰাজ্য চৰকাৰৰ জিলাৰ নাম সলনিৰ প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদত নামি পৰিছে জিলাখনৰ একাংশ জনতা।

প্ৰতিবাদে ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে জিলাখনৰ অমলাপুৰম চহৰত থকা ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পি বিশ্বৰূপৰ ঘৰত অগ্নিসংযোগ কৰিছে ক্ষুব্ধ প্ৰতিবাদকাৰীৰ এটা দলে।

তদুপৰি প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ বাহনৰ লগতে শিক্ষানুষ্ঠানৰ এখন বাছতো জুই লগোৱা লগোৱাৰ অভিযোগ উঠিছে। আনহাতে প্ৰতিবাদকাৰীসকলে নিক্ষেপ কৰা শিলৰ আঘাতত কেইবাজনো আৰক্ষী আহত হৈছে।

পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰিতি লক্ষ্য ৰাখি অমলাপুৰমত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। লগতে, চহৰখনত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে প্ৰশাসনে।

উল্লেখ্য যে যোৱা ৪ এপ্ৰিলত পূৰ্বৰ পূব গোদাৱৰীৰ পৰা পৃথক কৰি নতুন কোনাসীমা জিলাখন গঠন কৰা হৈছিল। যোৱা সপ্তাহত, ৰাজ্য চৰকাৰে কোনাসীমাক বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে নামাকৰণ কৰিবলৈ বিচাৰি এক প্ৰাথমিক জাননী জাৰি কৰিছিল আৰু জনসাধাৰণৰ ৰায় জনাবলৈ আহ্বান জনাইছিল।

আনহাতে কোনাসীমা সাধনা সমিতিয়ে জিলাখনৰ প্ৰস্তাৱিত নামকৰণত আপত্তি দৰ্শাই কোনাসীমা নামটোৱেই বাহাল ৰাখিবলৈ দাবী জনাইছিল।

সমিতিয়ে মঙলবাৰে এক প্ৰতিবাদৰ আয়োজন কৰি জিলাখনৰ পুনৰ নামকৰণৰ বিৰুদ্ধে জিলা উপায়ুক্ত হিমাংশু শুক্লাক এখন স্মাৰকপত্ৰ দাখিল কৰিছিল।

প্ৰতিবাদ ক্ৰমাৎ হিংসাত্মক হৈ পৰাৰ পিছতৈ ৰাজ্যৰ গৃহ মন্ত্ৰী তনেতি ভানিতাই কয় যে বি আৰ আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে গৌৰৱ অনুভৱ কৰাৰ পৰিৱৰ্তে কিছুমান অসামাজিক উপাদানে হিংসাৰ উচতনি দিছে।

হিংসাত্মক ঘটনাত ২০ জনৰো অধিক আৰক্ষী কৰ্মী আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে তেখেতে এই কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। গৃহমন্ত্ৰী গৰাকীয়ে লগতে ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি অপৰাধীসকলক শাস্তি প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

প্ৰতিবাদক হিংসাত্মক কৰি তুলিবলৈ তথা অগ্নিসংযোগৰ বাবে কিছুমান ৰাজনৈতিক দল আৰু অসামাজিক উপাদানে উচতনি দিয়া বুলিও মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে।

Recent News

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd