• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2022 10:51 am
Andhra Pradesh violence over renaming district
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন জিলাৰ নতুন নামকৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অন্ধ্ৰ প্ৰদেশত। ৰাজ্য চৰকাৰৰ জিলাৰ নাম সলনিৰ প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদত নামি পৰিছে জিলাখনৰ একাংশ জনতা।

প্ৰতিবাদে ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে জিলাখনৰ অমলাপুৰম চহৰত থকা ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পি বিশ্বৰূপৰ ঘৰত অগ্নিসংযোগ কৰিছে ক্ষুব্ধ প্ৰতিবাদকাৰীৰ এটা দলে।

Apply Now

তদুপৰি প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ বাহনৰ লগতে শিক্ষানুষ্ঠানৰ এখন বাছতো জুই লগোৱা লগোৱাৰ অভিযোগ উঠিছে। আনহাতে প্ৰতিবাদকাৰীসকলে নিক্ষেপ কৰা শিলৰ আঘাতত কেইবাজনো আৰক্ষী আহত হৈছে।

পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰিতি লক্ষ্য ৰাখি অমলাপুৰমত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। লগতে, চহৰখনত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে প্ৰশাসনে।

উল্লেখ্য যে যোৱা ৪ এপ্ৰিলত পূৰ্বৰ পূব গোদাৱৰীৰ পৰা পৃথক কৰি নতুন কোনাসীমা জিলাখন গঠন কৰা হৈছিল। যোৱা সপ্তাহত, ৰাজ্য চৰকাৰে কোনাসীমাক বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে নামাকৰণ কৰিবলৈ বিচাৰি এক প্ৰাথমিক জাননী জাৰি কৰিছিল আৰু জনসাধাৰণৰ ৰায় জনাবলৈ আহ্বান জনাইছিল।

আনহাতে কোনাসীমা সাধনা সমিতিয়ে জিলাখনৰ প্ৰস্তাৱিত নামকৰণত আপত্তি দৰ্শাই কোনাসীমা নামটোৱেই বাহাল ৰাখিবলৈ দাবী জনাইছিল।

সমিতিয়ে মঙলবাৰে এক প্ৰতিবাদৰ আয়োজন কৰি জিলাখনৰ পুনৰ নামকৰণৰ বিৰুদ্ধে জিলা উপায়ুক্ত হিমাংশু শুক্লাক এখন স্মাৰকপত্ৰ দাখিল কৰিছিল।

প্ৰতিবাদ ক্ৰমাৎ হিংসাত্মক হৈ পৰাৰ পিছতৈ ৰাজ্যৰ গৃহ মন্ত্ৰী তনেতি ভানিতাই কয় যে বি আৰ আম্বেদকাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে গৌৰৱ অনুভৱ কৰাৰ পৰিৱৰ্তে কিছুমান অসামাজিক উপাদানে হিংসাৰ উচতনি দিছে।

হিংসাত্মক ঘটনাত ২০ জনৰো অধিক আৰক্ষী কৰ্মী আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে তেখেতে এই কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে। গৃহমন্ত্ৰী গৰাকীয়ে লগতে ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি অপৰাধীসকলক শাস্তি প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

প্ৰতিবাদক হিংসাত্মক কৰি তুলিবলৈ তথা অগ্নিসংযোগৰ বাবে কিছুমান ৰাজনৈতিক দল আৰু অসামাজিক উপাদানে উচতনি দিয়া বুলিও মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd