চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ আন্দোলন এক ‘ৰাজনৈতিক আন্দোলন’: চন্দ্ৰমোহন পাটোৱাৰী

22-03-18-Guwahati-Chandra-Mohan-Patowary-PMT-1

মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ফাইল ফটো

বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা। কিন্তু শাসনলৈ অহাৰ দুটা বছৰ পাৰ হোৱাৰ পাছতো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে। তাৰ পৰিৱৰ্তে এই প্ৰতিশ্ৰুতিক একাষৰীয়া কৰি এইবাৰ এক উদ্ভট মন্তব্য প্ৰদান কৰিলে সোণোৱাল মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

শনিবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী সন্দৰ্ভত পাটোৱাৰীয়ে কয়, “চাহ মজদুৰৰ মজুৰি বৃদ্ধিৰ দাবীত যি আন্দোলন হৈ আছে সেয়া ৰাজনৈতিক আন্দোলনহে। এতিয়া নিৰ্বাচন আহিছে, গতিকে এইবিলাক আন্দোলন হোৱাটো স্বাভাৱিক।”

কিন্তু মন্ত্ৰীজনে এই মন্তব্য কৰাৰ সময়ত পাহৰি গ’ল তেওঁৰ দলে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ কথা।

ইয়াৰ বিপৰীতে, চাহ কোম্পানি সমূহৰ সমস্যাক লৈহে অধিক উদ্বিগ্ন হোৱা পৰিলক্ষিত হ’ল মন্ত্ৰী পাটোৱাৰীক। তেওঁ কয়, “বাগিচা সমূহৰ স্বত্ত্বাধিকাৰী কোম্পানিসমূহে প্ৰতিকেজিত ৩৫ টকাত চাউল কিনি শ্ৰমিকক ৪০ পইচাত যোগান ধৰিব লাগে। বাগিচাৰ বিদ্যালয়, চিকিৎসালয়, বিদ্যুৎ, খৰি-খেৰ আদি সকলোখিনি বাগিচাখনৰ মালিক পক্ষই যোগান ধৰে। কিন্তু সেই হিচাপে বাগিচা কৰ্তৃপক্ষই লাভ অৰ্জন কৰিব পৰা নাই।”

উল্লেখ্য যে, ৩৬৫ টকালৈ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে যোৱা জুলাই মাহৰ প্ৰথম ভাগতে মাত্ৰ ৩০ টকাকৈ দৈনিক মজুৰি বৃদ্ধি কৰিছিল। লগতে মজুৰি বৃদ্ধিৰ বিষয়টো পৰ্যালোচনাৰ বাবে এখন এজনীয়া সমিতি গঠন কৰি দিছিল। কিন্তু এতিয়ালৈ এই সমিতিয়ে এই বিষয়ত প্ৰতিবেদন দাখিল কৰা নাই।