• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰত জোড়ো যাত্ৰাত নিৰাপত্তাৰ সংশয়! কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰি উপযুক্ত সুৰক্ষা প্ৰদানৰ আহ্বান কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 5:02 pm
Bharat Jodo Yatra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতা তথা সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাত দেখা দিছে নিৰাপত্তাৰ সংশয়ে! যাত্ৰাৰ সময়ত নিৰাপত্তাৰ ক্ষেত্ৰত আহি পৰা সংশয়ৰ প্ৰতি কেন্দ্ৰক সজাগ কৰি উপযুক্ত সুৰক্ষাৰ আহ্বানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছে।

গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত কংগ্ৰেছ নেতা কে চি ভে বেনুগোপালে কয় যে যোৱা ২৪ ডিচেম্বৰত দিল্লীত প্ৰৱেশ কৰাৰ পিছত ভাৰত জোড়ো যাত্ৰাৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেইবাবাৰো আপোচ কৰা হৈছে।

Apply Now

পত্ৰখনত কোৱা হৈছে যে দিল্লী আৰক্ষীয়ে যাত্ৰাৰ সময়ত হোৱা অভূতপূৰ্ব ভিৰ নিয়ন্ত্ৰণ কৰাত আৰু ৰাহুল গান্ধীৰ চাৰিওফালে Z+ নিৰাপত্তাৰ দায়িত্ব বজাই ৰখাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। দিল্লী আৰক্ষী যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ সেয়ে গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে এই পত্ৰ।

পত্ৰখনত দিল্লী আৰক্ষীয়ে বোবা দৰ্শকৰ ৰূপত অৱতীৰ্ণ হোৱাৰ বাবে দলীয় কৰ্মী আৰু যাত্ৰাত অংশগ্ৰহণ কৰাসকলে এনে পৰিস্থিতিৰ সন্মুখীন হৈছে বুলি দাবী কৰা হৈছে। লগতে ইণ্টেলিজেন্স ব্যুৰোৱে যাত্ৰাত সংগ দিয়া লোকসকলক জেৰা কৰাৰো অভিযোগ কৰিছে পত্ৰখনত।

প্ৰতিগৰাকী ভাৰতীয়ই সমগ্ৰ দেশত বাধাহীনভাৱে চলাচল কৰাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি পত্ৰখনত লগতে কোৱা হৈছে, “ভাৰত জোড়ো যাত্ৰা দেশলৈ শান্তি আৰু সম্প্ৰীতি অনাৰ এক পদযাত্ৰা। চৰকাৰে প্ৰতিশোধমূলক ৰাজনীতিত লিপ্ত হ’ব নালাগে আৰু কংগ্ৰেছ নেতাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিব লাগে।”

পত্ৰখনত উন্নত নিৰাপত্তাৰ আহ্বান জনাই প্ৰাক্তন কংগ্ৰেছ নেতা তথা প্ৰধানমন্ত্ৰীদ্বয় ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ হত্যাৰ দিশটোও উল্লেখ কৰা হৈছে।

পত্ৰখনত কোৱা হৈছে, “আগন্তুক সময়ত ভাৰত জোড়ো যাত্ৰাই ২০২৩ চনৰ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া পৰৱৰ্তী পৰ্যায়ত পঞ্জাৱৰ লগতে জম্মু-কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ ৰাজ্যত প্ৰৱেশ কৰাৰ কথা আছে।”

“এই সন্দৰ্ভত ৰাহুল গান্ধীৰ দৰে এগৰাকী Z+ সুৰক্ষা থকা ব্যক্তিৰ লগতে ভাৰত জোডো যাত্ৰাত যোগদান কৰা সকলো যাত্ৰী তথা নেতাৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছো।”- পত্ৰখনত লগতে এইদৰে উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd