• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জনতাৰ কাৰ্ফিউলৈ শিৱসাগৰবাসীৰ পূৰ্ণ সঁহাৰি; দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , March 22, 2020 3:22 pm

1 min read

জনতাৰ কাৰ্ফিউলৈ শিৱসাগৰবাসীৰ পূৰ্ণ সঁহাৰি; দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ
8.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনোৱা জনতা কাৰ্ফিউৰ প্ৰতি শিৱসাগৰৰ ৰাইজে সম্পূৰ্ণ সঁহাৰি জনাইছে। শিৱসাগৰত আজি সকলো দোকান পোহাৰ, কাৰ্যালয় আদি সম্পূৰ্ণ বন্ধ হোৱাৰ লগতে ৰাজপথত গাড়ী মটৰ চলাচল সম্পূৰ্ণ বন্ধ।

নগৰ অঞ্চলৰ লগতে শিৱসাগৰৰ গ্ৰাম্যাঞ্চলতো জনতা কাৰ্ফিউৰ প্ৰতি জনসাধাৰণৰ ব্যাপক সঁহাৰি জনোৱা দেখা যায়। এক প্ৰকাৰে গ্ৰাম্যাঞ্চলৰ ৰাজপথো জনশূন্য দেখিবলৈ পোৱা যায়।

ইফালে ক’ৰ’নাভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰৰ দুই যুৱকৰ প্ৰশংসণীয় পদক্ষেপ। ইছমাইল তামুলি আৰু ৰাজ আহমেদ নামৰ দুই যুৱকে সম্পূৰ্ণ নিজা খৰচত শিৱসাগৰ চহৰৰ জনসমাগম হোৱা স্থান সমূহত ডেটল, ফেনাইল আজি স্পে’ কৰি শিৱসাগবাসীৰ প্ৰশংসা লাভ কৰিছে।

শিৱসাগৰ জিলা প্ৰশাসনেও এইক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ জিলাখনত ১৪৪ ধাৰা আৰোপ কৰাৰ লগতে জিলাখনৰ সকলো সাপ্তাহিক বজাৰ অনিদিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে। প্ৰশাসনৰ ফালৰ পৰা ৰাইজক কোনোধৰণৰ উৰাবাতৰিত আতংকিত নহ’বলৈ আহ্বান।

ইফালে জনতা কাৰ্ফিউ চলি থকা সময়ছোৱাত শিৱসাগৰত অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ উদ্যোগত সন্ধিয়া ৫ বজাত তিনি মিনিটৰ বাবে চাইৰেন বজোৱা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd