বাক্সাৰ ৰাইজক জানি বুজি আৰ্চেনিকযুক্ত পানী খুৱাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগে : যুৱ মঞ্চ

Asomiya yuba mancha

গুৱাহাটীত দেওবাৰে অসমীয়া যুৱ মঞ্চৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

অসমৰ বিভিন্ন স্থানত আৰ্চেনিকে ভয়াৱহ ৰূপ লোৱাৰ সময়তে মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বাক্সা জিলাৰ ৰাইজক সকলো জানি বুজি বৰবিহ সদৃশ আৰ্চেনিকযুক্ত পানী খুৱাই থকাৰ গুৰুতৰ অভিযোগ আনিছে অসমীয়া যুৱ মঞ্চই।

সংগঠনটোৱে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰিছে।

সংগঠনটোৰ প্ৰধান সম্পাদক জিতুল ডেকাই জানিবলৈ দিয়া মতে ২০১৮ চনৰ ১১ ডিচেম্বৰত বিটিচিৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জিলাখনত ২ কোটি ২৫ লাখ টকা ব্যয় সাপেক্ষে ৫০০ টা তাৰা পাম্প স্থাপনৰ বাবে ৱৰ্ক অৰ্ডাৰ দিছিল। এই কাম ৰূপায়ণ কৰিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাক্সা সংমণ্ডলে।

একেটা দিনতেই ৫ টা ৱৰ্ক অৰ্ডাৰ যোগে সুধাং কুমাৰ ব্ৰহ্ম নামৰ এজন ঠিকাদাৰকেই সমগ্ৰ কামৰ ঠিকা দিয়া হৈছিল।

তাৰা পাম্প স্থাপন কৰিবলগীয়া ঠাই সমুহ আছিল জালাহ, বাক্সা, ধমধমা, গোৱৰ্ধনা, তামুলপুৰ, নাগ্ৰিজুলী আৰু গোৰেশ্বৰ।

কিন্তু আশ্বৰ্যজনক কথাটো হ’ল বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ২০১৮ চনৰ ৪ ‍অক্টোবৰত অসম বিধান সভাত বাক্সা জিলাকে ধৰি ৰাজ্যৰ ২৪ খন জিলাৰ ভূগৰ্ভস্থ পানীত আৰ্চেনিক থকাৰ কথা প্ৰকাশ কৰিছিল।

তাৰ পাছতো বিভাগটোৱে তাৰা পাম্প স্থাপন কৰাক লৈ অসমীয়া যুৱ মঞ্চই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কাৰণ তাৰা পাম্পেৰে শোধন নোহোৱাকৈ অহা আৰ্চেনিকযুক্ত পানী এতিয়া বাক্সাৰ ৰাইজে খাবলগীয়া হৈছে।

ইপিনে, পূৰ্বতে তাৰা পাম্প স্থাপন কৰা স্থানতেই এতিয়া আকৌ জনস্বাস্থ্য কাৰিকৰী বিভাগে National Water Quality Submission ৰ অধীনত ৪৫ টা আৰ্চেনিক পৰিশোধন আঁচনি (Arsenic Mitigation Scheme)ৰ ৰূপায়নৰ বাবে নিবিদা প্ৰকাশ কৰিছে। অৰ্থাৎ এই আঁচনিৰ জৰিয়তে আৰ্চেনিক পৰিশোধন কৰিব।

তদুপৰি, সংগঠনটোৱে জানিবলৈ দিয়ামতে পূৰ্বতে বাক্সাত তাৰা পাম্প স্থাপন কৰা আৰু আৰ্চেনিক পৰিশোধনৰ আঁচনি লোৱা দুয়োটা কামৰ বিভাগীয় কাৰ্য্যবাহী অভিযন্তা গৰাকী হ’ল বি এম ৰায়।

সংগঠনটোৰ অভিযোগ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগে ২ কোটি ২৫ লাখ টকা ব্যয় কৰি আৰ্চেনিক থকা স্থানত তাৰা পাম্প স্থাপন কৰাৰ পাছত এইবাৰ ১৮০ কোটি টকা ব্যয় কৰি আৰ্চেনিক মুক্ত কৰিব ওলাইছে।

এইদৰে আৰ্চেনিকযুক্ত পানী খুৱাই ধন লুন্ঠন কৰাৰ পাছত এইবাৰ আৰ্চেনিকমুক্ত কৰাৰ নামত ধন লুন্ঠনৰ চক্ৰান্ত কৰিছে বুলিও সংগঠনটোৱে অভিযোগ কৰে।

সংগঠনটোৰ প্ৰধান সম্পাদক জনৰ অভিযোগ, “মন্ত্ৰী ৰিহণ দৈমাৰী আৰু তেওঁৰ কেইজনমান বিশ্বাসী দুৰ্নীতিগ্ৰস্ত অভিযন্তা-ঠিকাদাৰে মিলি বিভাগটোক এতিয়া চৰকাৰী পুঁজি লুন্ঠনৰ আহিলাত পৰিণত কৰিছে।”

এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰাৰ বাবে সংগঠনটোৱে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।