• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2026 6:58 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সমস্যা যেন ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াক লৈ চলি থকা বিতৰ্কৰ মাজতে এইবাৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত এখন জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে।

 

Apply Now

জানিব পৰা মতে, শৈলেন্দ্ৰ মণি ত্ৰিপাঠী নামৰ এগৰাকী অধিবক্তাই শীৰ্ষ ন্যায়ালয়ত এই আবেদনখন দাখিল কৰিছে। শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশিত কিছুমান প্ৰতিবেদনৰ ভিত্তিত নিৰ্বাচন আয়োগৰ কেইবাটাও সিদ্ধান্তক এই আবেদনৰ জৰিয়তে প্ৰত্যাহ্বান জনোৱা হৈছে। জনস্বাৰ্থ জড়িত গোচৰটোত অভিযোগ কৰা হৈছে যে নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আন দুজন নিৰ্বাচন আয়ুক্তৰ সন্মতি অবিহনে লোৱা হৈছিল। বিশেষকৈ ভোটাৰ তালিকাৰ এছ আই আৰ, প্ৰপত্ৰ ৬ৰ সালসলনি আৰু ভোটাৰৰ তথ্য সম্পৰ্কীয় বিষয়বোৰক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে।

 

আবেদনকাৰীয়ে দাবী কৰিছে যে আন দুজন নিৰ্বাচন আয়ুক্তৰ অনুমোদন নোহোৱাকৈ কেৱল জ্ঞানেশ কুমাৰৰ সন্মতিত কাৰ্যকৰী কৰা সকলো সিদ্ধান্ত, নিৰ্দেশনা আৰু ছফ্টৱেৰ সম্পৰ্কীয় পৰিৱৰ্তনসমূহক অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব লাগে। একে সময়তে পুৰণি প্ৰপত্ৰ ৬ পুনৰ বাহাল ৰখাৰো দাবী জনোৱা হৈছে। ইয়াৰ উপৰিও এছ আই আৰ চলি থকাৰ সময়ত কেনেকৈ প্ৰায় ১৩ কোটি ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিল, সেই বিষয়ে খৰচি মাৰি তদন্ত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল বা এছ আই টি গঠন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

 

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ উপৰিও জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গ আৰু তথ্য প্ৰযুক্তি বিভাগৰ সঞ্চালক প্ৰধান সীমা খান্নাৰ বিৰুদ্ধেও কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত জনপ্রতিনিধিত্ব আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰা হৈছে। উল্লেখযোগ্য যে এই জনস্বাৰ্থ জড়িত আবেদনখন দাখিল কৰাৰ পূৰ্বে ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ সংবাদ মাধ্যমৰ এটা প্ৰতিবেদনত দাবী কৰা হৈছিল যে যোৱা দহমাহত নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে এছ আই আৰ আৰু অন্যান্য সিদ্ধান্তক লৈ কমেও চৈধ্যবাৰ আপত্তি দৰ্শাইছিল। প্ৰপত্ৰ ৬ৰ পৰিৱৰ্তন আৰু ভোটাৰ তালিকাৰ তথ্য পৰিচালনাৰ ক্ষেত্ৰতো তেওঁলোকৰ আপত্তিৰ কথা প্ৰতিবেদনখনত উল্লেখ কৰা হৈছিল।

 

অৱশ্যে সংবাদ মাধ্যমৰ এই প্ৰতিবেদনৰ পিছত নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে আভ্যন্তৰীণ আলোচনাত ভিন্ন মত বা নিৰীক্ষণ থকাটো অতি স্বাভাৱিক কথা। আয়োগৰ মতে, যোৱা এবছৰত লোৱা সকলো চূড়ান্ত সিদ্ধান্ত সৰ্বসন্মতিক্ৰমেই গ্ৰহণ কৰা হৈছে। এই সমগ্ৰ বিতৰ্কৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ওপৰত ৰাজনৈতিক চাপো যথেষ্ট বৃদ্ধি পাইছে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শেহতীয়াকৈ তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰি আয়োগৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছে, যদিও নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ এই অভিযোগৰো প্ৰত্যুত্তৰ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd