NORTHEAST NOW (Assamese)

উত্তৰ-গুৱাহাটীত গা ধুবলৈ মাতি নি এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক হত্যা কৰাৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা

May 29, 2019 4:49 pm · এন ই নাও নিউজ
Updated: May 29, 2019 4:54 pm
হত্যা কাণ্ডক লৈ উত্তৰ গুৱাহাটীত উত্তেজনা

গা ধুবলৈ মাতি নি এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক ওচৰৰে বন্ধু এজনে হত্যা কৰা বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰমাণ হোৱাৰ পাছত সমগ্ৰ ঘটনাক লৈ আজি উত্তৰ-গুৱাহাটীৰ বিহলঙনীত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণি অনুসৰি, উত্তৰ-গুৱাহাটীৰ বিহলঙনীৰ নিবাসী মিণ্টু চামুৱা নামৰ এজন ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰক দেওবাৰে ওচৰৰে এজন বন্ধুই গা ধুবৰ বাবে মাতি লৈ যায়। গা ধুবৰ বাবে মাতি নি বন্ধুজনে মিণ্টুক হত্যা কৰি এটা খাৱৈত পেলাই থৈ আহে।

আনহাতে, গা ধুবৰ বাবে ওলাই যোৱা মিণ্টু উভতি নহা বাবে পৰিয়ালৰ লোকৰ মাজত বিচাৰ-খোচাৰ লাগে আৰু পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহযোগত সন্ধান চলাই অৱশেষত ৰহধলা পথাৰৰ খাৱৈৰ পৰা সন্ধানহীন ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰে।

ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰাৰ সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো লৈ যায়।

উল্লেখযোগ্য যে, আজি প্ৰকাশ পোৱা মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত ছাত্ৰজনক হত্যা কৰাৰ কথাটো নিশ্চিত কৰা হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে গাঁৱখনৰ ৰাইজে হত্যাকাৰী বন্ধুজনৰ ঘৰত তলা ওলোমাই দিয়ে আৰু প্ৰতিবাদ সাব্যস্ত কৰে।

বৰ্তমান উত্তৰ গুৱাহাটী আৰক্ষীয়ে মিণ্টুক হত্যা কৰা বন্ধুজনক আটক কৰিছে। হত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ অহিব বুলি স্থানীয় ৰাইজে আশা কৰিছে।

Related News