NORTHEAST NOW (Assamese)

সদ্যপ্ৰয়াত সুকবি পাপৰি লাহন দিহিঙ্গীয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি মাৰ্ঘেৰিটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ

December 21, 2020 8:00 pm · মানস প্ৰতিম গগৈ
Updated: December 21, 2020 8:04 pm

সদ্যপ্ৰয়াত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এগৰাকী সম্ভাৱনাময় কবি, শিক্ষয়িত্ৰী পাপৰি লাহন দিহিঙ্গীয়াৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা তেওঁৰ বাসগৃহত এটি স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, মাৰ্ঘেৰিটা শাখা সাহিত্য সভা, মাৰ্ঘেৰিটা শাখা কবি সন্মিলন আৰু পাটকাই কবি চক্ৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত সদ্যপ্ৰয়াত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এগৰাকী সম্ভাৱনাময় কবি, শিক্ষয়িত্ৰী পাপৰি লাহন দিহিঙ্গীয়াৰ স্মৃতিচাৰণ অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাৰ আঁত ধৰে ৰাণাজ্যোতি নেওগে।

অনুষ্ঠানত দেৱজিৎ বৰুৱা, অশ্বিনী গগৈ, ৰামপ্ৰসাদ আম্বেদকাৰ, সুনীল গুৰুং আৰু  বন্দনা দাস  দত্তই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বক্তব্য ডাঙি ধৰে।

এই অনুষ্ঠানতে ৰাণাজ্যোতি নেওগ মুখ্য সম্পাদক, মনজিৎ ৰাজখোৱা বৰ্ণালী গগৈ সম্পাদক হিচাপে দ্বায়িত্বৰত পাপৰিৰ সুবাস নামেৰে এখন স্মৃতিগ্ৰন্থ  উন্মোচন কৰা হয়।

উল্লেখ্য যে বিদ্যালয়লৈ গৈ থকা অৱস্থাত ১০ ডিচেম্বৰত মটৰ চাইকেলৰ পৰা পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত নাৰ্চিং হোমত ১১ ডিচেম্বৰ দিনা পাপৰি লাহন দিহিঙ্গীয়াৰ মৃত্যু হৈছিল।

Related News