Pune Porsche Accident : গ্ৰেপ্তাৰ হ’ল তেজ পৰীক্ষাৰ ভুৱা তথ্য দিয়া দুই চিকিৎসক

পুনেত সংঘটিত হোৱা পৰ্ছে দুৰ্ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন চিকিৎসকক। দুয়োৰে বিৰুদ্ধে অভিযুক্ত নাবালকজনৰ ফৰেনছিক ৰিপৰ্ট সলনি কৰাৰ অভিযোগ উত্থাপন হৈছে।

দুৰ্ঘটনা সংঘটিত কৰা নাবালক অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা এখন হাস্পাতালত কৰা হৈছিল। সেই পৰীক্ষাত নিৰ্ণয় কৰা হৈছিল নাবালক জনৰ তেজৰ নমুনাত এলক’হ’ল আছে নে নাই। দুজন চিকিৎসকে তেজৰ পৰীক্ষাৰ ৰিপৰ্ট সলনি কৰি ১৭ বছৰীয়া নাবালক জনে মদ খোৱা নাই বুলি প্ৰতিবেদন দিছিল আৰক্ষীক।

পুনেৰ ছাছুন হাস্পতালৰ ফৰেনছিক বিভাগৰ মুৰব্বী ডাঃ অজয় ​​তৌৰে আৰু ছাছুনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ শ্ৰীহৰি হৰনৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি পুনেৰ আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে জানিবলৈ দিয়ে।

কিছুদিন পূৰ্বে তদন্তত অৱহেলা কৰি পলমকৈ প্ৰতিবেদন দাখিল কৰাৰ বাবে প্ৰশাসনৰ দুগৰাকী বিষয়াক নিলম্বন কৰা হৈছিল।

যোৱা শনিবাৰে নিশা প্ৰায় ২.৩০ বজাত পুনেৰ কল্যাণী নগৰ ছেক্সনত সংঘটিত হয় এই ঘটনা। সুৰামত্ত নাবালক জনে তীব্ৰগতিত এখন প’ৰ্চ গাড়ীৰে খুন্দা মৰাৰ ফলত নিহত হৈছিল অনিশ আৱাধিয়া আৰু অশ্বিনী কোষ্ঠা।

এই ঘটনাৰ বাবে নাবালকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাত হত্যাৰ গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে অভিযুক্তক নিজৰ জিম্মাত ৰাখিবলৈ অনুৰোধ জনায়। কিন্তু নিম্ন আদালতে আবেদন খাৰিজ কৰি অভিযুক্তক চৰ্তসাপেক্ষ জামিন প্ৰদান কৰে।