DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড যোদ্ধা! পিতৃৰ কৰ’নাত মৃত্যু, মাতৃ-ভাতৃ হাস্পাতালত, তথাপি ৰোগীৰ সেৱাত ব্ৰতী এগৰাকী চিকিৎসক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 10:40 am
doctors service

প্ৰতিনিধিত্বমূলক ফটো।

370
VIEWS
Share on FacebookShare on Twitter

দেশৰ কৰ’না পৰিস্থিতিয়ে ভয়ংকৰ ৰূপত নাগৰিকৰ মনত আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে কেবল অসুস্থ ৰোগী আৰু মৃত্যুৰ মাজত অবিচলভাৱে নিজৰ কৰ্তব্য সম্পাদন কৰি গৈছে একাংশ কোভিড যোদ্ধাই।

কৰ’নাৰ কালান্তক সংক্ৰমণৰ সময়ত নাগৰিকৰ একমাত্ৰ ভৰসা হৈছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। স্বাভাৱিকতেই মহামাৰীৰ এই পৰিস্থিতিত চিকিৎসকসকলৰ লগতে স্বাস্থ্যকৰ্মীসকলো নিজৰ জীৱনকলৈ শংকিত।

কিন্তু এনে সন্ত্ৰাসজৰ্জৰিত পৰিস্থিতিতো সকলো প্ৰতিকূলতা নেওচি একাংশই মানৱ সেৱাত নিজকে উৎসৰ্গিত কৰিছে।

এনে এক জলন্ত উদাহৰণ দাঙি ধৰিছে পুনেৰ এগৰাকী চিকিৎসকে। তেওঁ হৈছে পুনেৰ সঞ্জীৱন হাস্পাতালৰ সঞ্চালক ডাঃ মুকুন্দ পেনুৰকৰ।

যোৱা ২৬ এপ্ৰিলত তেওঁৰ পিতৃৰ কৰ’নাত মৃত্যু হৈছে। তেওঁৰ মাতৃ আৰু ভাতৃও কৰ’নাত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হৈ আছে। কিন্তু তাৰপাছতো নিজৰ কৰ্তব্যত অবিচল হৈ আছে ডাঃ মুকুন্দ। নিজৰ কামত কোনো সুৰুঙা ৰখা নাই।

ডাঃ মুকুন্দ পেনুৰকৰে কয়,’’পৰিস্থিতি অত্যন্ত জটিল। আমি হাত সাৱটি বহি থাকি মানুহৰ মৃত্যু চাব নোৱাৰো।‘’

ইতিমধ্যে চিকিৎসকগৰাকীৰ কাহিনী ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ডাঃ মুকুন্দে লগতে কয়,’’বাহিৰৰ পৰিস্থিতি বৰ ভাল নহয় মই জানো। মোৰ পিতৃক বচোৱাৰ সকলো চেষ্টা মি আৰু মোৰ হাস্পাতালখনে কৰিছিলো। কিন্তু বচাব নোৱাৰিলো। মা আৰু ভাতৃৰ এতিয়াও চিকিৎসা চলি আছে। বহুদিন ধৰি মই কোভিড ৰোগীৰ চিকিৎসা কৰি আহিছো। কেতিয়াবা স্বাস্থ্যকৰ্মীসকলৰ বাবেও সকলো ৰোগীৰ চোৱাচিতা কৰাটো অসম্ভৱ হৈ পৰে। সেয়ে, পিতৃৰ মৃত্যুৰ পাছতো যিমান সোনকালে সম্ভৱ কামলৈ উভতি আহিছো।‘’

তেওঁ জানিবলৈ দিয়ে,’’মাত্ৰ তিনিদিনৰ মূৰতে কামলৈ আহিছো। কিয়নো সমাজৰ, মানুহৰ, ৰোগীসকলৰ সেৱা কৰাৰ মাজেৰেই মই মোৰ পিতৃৰ বাবে শ্ৰেষ্ঠ উপহাৰটো দিব পাৰিম।‘’

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd