পুনেত ব্যক্তিৰ আজৱ কাণ্ড; মেট্ৰেছৰ ওপৰত শুই ৰাজপথত জলকেলি নাগৰিকৰ

শেহতীয়াকৈ পুনেত হোৱা প্ৰচণ্ড বৰষুণৰ পাছত এজন লোকে কৰা এক আশ্চৰ্যকৰ কাম ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷কাৰণ ব্যক্তিজনে পানীৰে ভৰি থকা পথত মেট্ৰেছৰ ওপৰত ওপঙি থকা দেখা গৈছিল। ১৫ ছেকেণ্ডৰ এই ক্লিপটোত মানুহজনে এখন মেট্ৰেছৰ ওপৰত শুই জলকেলি কৰা দেখা গৈছে৷

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত দক্ষিণ-পশ্চিম বাৰিষাৰ আগমনৰ ফলত ৰাজ্যখনে বিশেষকৈ তীব্ৰ গৰম আৰু ভয়াৱহ পানীৰ অভাৱ সহ্য কৰা অঞ্চলসমূহত সকাহ লাভ কৰিছে।ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী সুনীল কাম্বলে কয় যে বাৰিষাৰ প্ৰভাৱ দক্ষিণ কোংকনৰ সিন্ধুদুৰ্গ জিলা আৰু পশ্চিম মহাৰাষ্ট্ৰৰ সাংগলী আৰু কলহাপুৰত পৰিছে।

ব্যক্তিজনৰ এই কাণ্ডই ইণ্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰিছে৷একাংশই এই কাণ্ডক অসচেতনতা আখ্যা দিয়াৰ বিপৰীতে আন এচামে আমোদৰ উৎস হিচাপে গ্ৰহণ কৰিছে৷কিন্তু পুনেৰ দৰে দেশৰ আগশাৰীৰ মহানগৰীত এজাক বৰষুণতে ৰাজপথত এনেধৰণৰ পানী দেখি একাংশই চৰকাৰ আৰু প্ৰশাসনক প্ৰশ্ন উত্থাপন কৰিছে৷