অন্ধবিশ্বাস! সন্তান লাভৰ আশাত মানুহৰ হাড়ৰ গুৰি খুৱাই দিয়াৰ অভিযোগ মহিলাৰ

Woman forced to consume powdered human bones অন্ধবিশ্বাস! স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে সন্তান লাভৰ আশাত এগৰাকী মহিলাক বলপূৰ্বক মানুহৰ হাড়ৰ গুৰি খুৱাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত। বুধবাৰে মহিলাগৰাকীয়ে তেওঁৰ স্বামীকে ধৰি তেওঁৰ শহুৰেকৰ ঘৰৰ সাতজন সদস্যৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

তেওঁ অভিযোগ কৰে যে স্থানীয় তান্ত্ৰিকৰ নিৰ্দেশত তেওঁক সন্তান জন্ম দিবলৈ মানুহৰ হাড়ৰ গুৰি খুৱাবলৈ বাধ্য কৰাৰ চেষ্টা কৰা হৈছিল।

লগতে পঢ়ক: ডিজিটেল ইণ্ডিয়া সম্পূৰ্ণ! ম’বাইলত মগ্ন বান্দৰৰ দলৰ ভিডিঅ’ পোষ্ট কৰি মন্তব্য কিৰেন ৰিজিজুৰ

পুনে মহানগৰ আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত সাতজন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

ইপিনে, মহিলাগৰাকীৰ আন এটা অভিযোগৰ ভিত্তিত তেওঁৰ শহুৰেকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে ২০১৯ চনত তেওঁৰ বিবাহৰ পিছৰে পৰা তেওঁক যৌতুকৰ বাবে অত্যাচাৰ কৰা হৈছিল। সোণ আৰু ৰূপৰ অলংকাৰৰ লগতে নগদ ধনো দাবী কৰা হৈছিল।

আনহাতে, সন্তান জন্ম নোহোৱাৰ বাবে অত্যাচাৰৰ মাত্ৰা দুগুণ হয়। অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁ আৰক্ষীৰ কাষ চাপে। ভুক্তভোগীয়ে অভিযোগ কৰিছে যে অন্ধবিশ্বাসক ভৰসা কৰি তেওঁক অমাৱস্যাৰ নিশা বিভিন্ন অমানৱীয় কাম কৰিবলৈ বাধ্য কৰা হয়।

লগতে পঢ়ক: গাড়ীত ছিটবেল্ট নমৰাৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকক জৰিমনা; ভুলৰ বাবে বিচাৰিলে ক্ষমা

মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে যে তেওঁক কবৰস্থানলৈ লৈ যোৱা হৈছিল আৰু মানুহৰ হাড়ৰ গুৰি খুৱাইছিল। ভুক্তভোগীৰ শহুৰেকে ভিডিঅ’ কলটোত তান্ত্ৰিকজনে যি নিৰ্দেশ দিছিল তাকেই অনুসৰণ কৰিছিল।

মহিলাগৰাকীৰ শহুৰেকে বিশ্বাস কৰিছিল যে সমস্যাটো ক’লা যাদুৰ জৰিয়তে সমাধান হ’ব। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।