IPL-2023: অথলে গ’ল গ্ৰীণ-সূৰ্যৰ অনবদ্য যুঁজ; পঞ্জাৱৰ অৰ্শদ্বীপৰ যাদুত স্তব্ধ মুম্বাইৰ বিজয়ৰথ

ফটো সৌজন্য: আইপিএল।

চলিত আই পি এলত শ্বাসৰুদ্ধকাৰী মেচৰ সংখ্যাও কম নহয়। বিগত ডেৰ সপ্তাহত প্ৰায় সকলো মেচ অন্তিম অভাৰতে মীমাংসা হৈছে। শনিবাৰে মুম্বাই বনাম পঞ্জাৱৰ মেচখনো সেই তালিকাত যোগ হৈছে।

ৱানখেড়েত চলিত প্ৰতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ যুঁজখন প্ৰত্যক্ষ হৈছিল। আৰু সেই যুঁজখনত শেষ হাঁহি মাৰিছে অতিথি দল পঞ্জাবে। গ্ৰীণ আৰু সূৰ্য্যৰ অনবদ্য যুঁজ অথলে গ’ল। অন্তিম অভাৰত অবিশ্বাস্য বলিংৰে ১৩ ৰানেৰে পঞ্জাৱক বিজয়ী কৰে অৰ্শদ্বীপ সিঙে।

ফটো সৌজন্য: আইপিএল।

টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মাই পঞ্জাবক প্ৰথমে বলিং কৰিবলৈ আমন্ত্ৰণ কৰে। কিন্তু ৰোহিতৰ এই সিদ্ধান্ত ভুল বুলি প্ৰমাণ কৰি ছেম কুৰানৰ নেতৃত্বত পঞ্জাৱে ২১৪ ৰানৰ বিশাল ইনিংছ গঢ়ে। অধিনায়ক কুৰানে নিজেই ২৯টা বলত ৫৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ হৰপ্ৰীত সিঙে ২৮টা বলত ৪১ ৰান সংগ্ৰহ কৰে। শেষত জিতেশ শৰ্মাই ৭টা বলত ২৫ ৰানৰ এক সুন্দৰ ইনিংছ খেলে।

ফটো সৌজন্য: আইপিএল।

পূৰ্বৰ খেলখনত মুম্বাইৰ অন্যতম শ্ৰেষ্ঠ বলাৰ অৰ্জুন টেণ্ডুলকাৰৰ দিনটো বেয়া আছিল। ১৬ নং অভাৰত কুৰাণ আৰু হৰপ্ৰীতৰ বিৰুদ্ধে শচীনপুত্ৰই ৩১ ৰান খৰচ কৰে। যিটো বৰ্তমানৰ আই পি এলত আটাইতকৈ বেছি ৰানৰ অভাৰ। ইয়াৰ পূৰ্বে গুজৰাটৰ যশ দয়ালে কেকেআৰৰ ৰিংকু সিঙক এটা অভাৰত ৩১ ৰান দিছিল।

প্ৰত্যুত্তৰত মুম্বাইৰ আৰম্ভণি ভাল নহ’ল। দলৰ হৈ মাত্ৰ ৮ ৰানৰ অন্তত পেভিলিয়নলৈ উভতি আহে ঈশান কিষাণ। কিন্তু ঈশানৰ উইকেটৰ পাছত কেমেৰন গ্ৰীণ আৰু অধিনায়ক ৰোহিতে স্থিতি মজবুত কৰে। প্ৰাৰম্ভিক আঘাত চম্ভালি লোৱাৰ পিছত তেওঁলোকে ৰাণৰ গতি বৃদ্ধি কৰিবলৈ ধৰে।

ফটো সৌজন্য: আইপিএল।

ৰোহিতে ২৭টা বলত ৪৪ ৰান কৰি আউট হয়। আনহাতে, গ্ৰীণে ৪৩টা বলত ৬৭ ৰানৰ ইনিংছ খেলিছিল। কিন্তু সূৰ্যকুমাৰ যাদৱে খেলৰ গতি সম্পূৰ্ণৰূপে সলনি কৰিলে। ক্ৰীজলৈ অহাৰ পৰাই সূৰ্য্যই পঞ্জাৱৰ বলাৰৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁ মাত্ৰ ২৬টা বলত ৫৭ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্য: আইপিএল।

যেতিয়া সূৰ্য্য আউট হৈছিল তেতিয়াও মুম্বাইক ১৪টা বলত ৩৩ ৰানৰ প্ৰয়োজন আছিল। স্বাভাৱিকতে পঞ্জাৱ বাবে উভতি ধৰাৰ পথ মুকলি আছিল। আৰু অৰ্শদ্বীপ সিং আৰু নাথান এলিছে ঠিক সেয়াই কৰিলে। সূৰ্যৰ উইকেটৰ পাছত ভাল ফৰ্মত থকা তিলক বাৰ্মা, টিম ডেভিডছে সেই ৩৩ ৰান কৰিব নোৱাৰিলে। দলটো ২০১ ৰানতে ৰৈ গ’ল।

ফটো সৌজন্য: আইপিএল।

অন্তিম অভাৰত ১৬ ৰানৰ প্ৰয়োজন হৈছিল। অৰ্শদ্বীপে মাত্ৰ ২ ৰানহে খৰচ কৰে আৰু দুটা উইকেট তুলি লয়। দুবাৰকৈ তেওঁ বেটছমেনৰ মিডল-ষ্টাম্প ভাঙি পেলায়। মুঠতে খেলখনত ৪টা উইকেট লাভ কৰে অৰ্শদ্বীপে। ১৩ ৰানৰ জয়ৰ ফলত পঞ্জাৱ পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয়।

সংক্ষিপ্ত স্ক’ৰ:

পঞ্জাৱঃ ২১৪-৮ (কুৰাণ ৪৪, হৰপ্ৰীত সিং ৪১)

মুম্বাইঃ ২০১-৬ (গ্ৰীণ ৬৭, সূৰ্য্য ৫৭, অৰ্শদ্বীপ  সিং ৪-২৯)

১৩ ৰানত জয়লাভ কৰে পঞ্জাবে।