পঞ্জাৱ-হাৰিয়ান সীমান্তত কৃষক-আৰক্ষীৰ সংঘৰ্ষ, কন্দুৱা গেছ নিক্ষেপ

শস্যৰ নূন্যতম সমৰ্থন মূল্য বা এম এছ পি সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিছে কৃষকসকলে। বুধবাৰে পুৱাৰে পৰা পঞ্জাৱ, হাৰিয়ানাকে ধৰি বিভিন্ন ৰাজ্যৰ কৃষকসকলে পুনৰ ‘দিল্লী চালো’ অভিযানত নামি পৰে। ১৪ হাজাৰ কৃষক আগবাঢ়িছে দিল্লী অভিমুখে।

আজিৰ দিনটোতে পঞ্জাৱ-হাৰিয়ানাৰ শম্ভূ সীমান্ত অতিক্ৰম কৰি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে কৃষকসকল। আন্দোলন বন্ধ কৰিবলৈ কৃষকৰ ওপৰত জঁপয়াই পৰিছে আৰক্ষী। কৃষকসকললৈ আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ। 

কোনো কাৰণতে কৃষকক দেশৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ দিবলৈ ইচ্ছুক নহয় আৰক্ষী। প্ৰতিবাদ দমন কৰিবলৈ মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী । 

অৱশ্যে কৃষকসকলো হাৰ মানিবলৈ ইচ্ছুক নহয়। কৃষক সংগঠনসমূহে ট্ৰেক্টৰক ‘অস্থায়ী টেংক’ হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ গুলীৰ পৰা সাৰিবলৈ তাত আশ্ৰয় লৈছে কৃষকসকলে। কন্দুৱা গেছৰ পৰা হাত সাৰিবলৈ মৰাপাটৰ বস্তা তিয়াই সাজু আহিছে কৃষকসকল।

বুধবাৰে আন্দোলনৰ তীব্ৰতা বৃদ্ধি পাব বুলি ইতিমধ্যে আৰক্ষীয়ে ভৱিষ্যদ্বাণী কৰিছিল। গতিকে এই প্ৰতিবাদ বন্ধ কৰিবলৈ আৰক্ষীয়ে বিভিন্ন পন্থা অৱলম্বন কৰিছে। চিমেণ্টৰ বেৰিকেড স্থাপন কৰা হৈছে। সমগ্ৰ পথটো কাঁইটীয়া তাঁৰ আৰু শিপিং কণ্টেইনাৰেৰে বন্ধ হৈ কৰি দিয়া হৈছে। 

ইফালে কেন্দ্রই কৃষকৰ সৈতে আলোচনা কৰিব বিচাৰিছে৷ ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰীৰ সৈতে বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰাৰ পিছতো কৃষক কৃষকসকলে মানি লোৱা নাছিল চৰকাৰী প্ৰলোভন।

যোৱা দেওবাৰে গভীৰ নিশালৈকে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কৃষকৰ সৈতে বৈঠকত মিলিত হয়। চতুৰ্থ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰই আন্দোলনকাৰী কৃষকসকলক আগন্তুক পাঁচ বছৰৰ বাবে শস্যৰ সমৰ্থন মূল্য (MSP) সম্পৰ্কে প্ৰস্তাৱ আগবঢ়ায়। কৃষকসকলে এই প্ৰস্তাৱটো পঢ়ি নিজৰ মাজতে আলোচনা কৰিবলৈ ১৯ আৰু ২০ ফেব্ৰুৱাৰীৰ দিন দুটা সময় বিচাৰে । অৱশ্যে তেওঁলোকে লগতে কয় যে যদিহে সমস্যাৰ সমাধান নহয় আৰু দাবী পূৰণ নহয় তেন্তে ২১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ প্ৰচাৰ আৰম্ভ হ’ব।

ইয়াৰ পিছত আন্দোলনকাৰী কৃষক সংগঠনসমূহে কেন্দ্ৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনিচ্ছুক বুলি কয়। তেওঁলোকৰ বক্তব্য, “চৰকাৰৰ পৰা যি প্ৰস্তাৱ আহিছে সেয়া তেওঁলোকৰ বাবে লাভজনক নহয়” একেদৰে বুধবাৰৰ পৰা কৃষকসকলে অধিক তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে।