• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 7:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰষুণৰ পিছত যেনেকৈ আকাশখন অধিক ফৰকাল দেখা যায়, ঠিক তেনেদৰে শ্ৰেয়াসৰ পঞ্জাৱ কিংছৰ ক্ষেত্ৰতো একেই কথা ক’ব পাৰি। আত্মবিশ্বাস, দৃঢ়তা আৰু লক্ষ্য পূৰণৰ জেদ – তিনিওটাই যেন তেওঁলোকৰ খেলত পৰিস্ফুট হৈছিল। ফলত মঙলবাৰে তেওঁলোকে ফাইনেলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ সুযোগ আজুৰি আনিলে।

মুম্বাই ইণ্ডিয়ানছৰ নিৰ্ধাৰিত ২০৪ ৰানৰ লক্ষ্য খেদি পঞ্জাবে আৰম্ভণিতে প্ৰভসিমৰণ সিঙৰ উইকেট হেৰুৱায়। ২৪ বছৰীয়া ক্ৰিকেটাৰগৰাকীক মাত্ৰ ৬ ৰানত আউট কৰে ট্ৰেণ্ট ব’ল্টে। তাৰ পিছত জোছ ইংলিছে ৰানৰ গতি বৃদ্ধি কৰে। তেওঁৰ ২১টা বলৰ বিস্ফোৰক ইনিংছটো ৩৮ ৰানত স্তব্ধ হয়। পাণ্ডিয়াই তেওক ঘূৰাই পঠায়।

Apply Now

আনটো মূৰত তেতিয়ালৈকে প্ৰিয়ংশ আৰ্য্যই ১০টা বলত ২০ ৰান সংগ্ৰহ কৰি উভতি গৈছে। প্ৰথম ৮ অভাৰত ৭২ ৰানত ৩টা উইকেট হেৰুৱাই পঞ্জাৱ অলপ অসুবিধাত পৰিছিল। যদিও তাৰ আগতে ক্ৰিকেট জগতখনে এক ‘আচৰিত’ ঘটনাৰ সাক্ষী হৈছিল। প্ৰথম অভাৰতে যশপ্ৰীত বুমৰাহে ২০ ৰান দিয়ে। ক্ৰিকেট অনুৰাগীৰ হয়তো মনত নাই শেষবাৰৰ বাবে বুমৰাহক এনেদৰে কেতিয়া প্ৰহাৰ কৰা হৈছিল।

তাৰ পাছত শ্ৰেয়াছ আয়াৰ আৰু নেহাল বধেৰাই একেলগে পঞ্জাবক বিপদৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিলে। যদিও নেহালে মাত্ৰ ১৩ ৰানৰ অন্তত জীৱনদান পাইছিল। তেওঁৰ সহজ কেচটো বাউণ্ডেৰী লাইনত মিছ কৰে নিউজিলেণ্ডৰ তাৰকা ট্ৰেণ্ট ব’ল্টে। নকআউট পৰ্যায়ত এনে কেচ মিছ অতি ব্যয়বহুল হৈ পৰে। সেই নেহালে জীৱনদান পাই ২৯টা বলত ৪৮ ৰানৰ বিধ্বংসী ইনিংছ খেলিলে।

উইকেটৰ সিটো মূৰত আক্ৰমণাত্মক মুডত আছিল শ্ৰেয়াছ। ১৩ নং অভাৰত পঞ্জাৱৰ অধিনায়কগৰাকীয়ে ইংৰাজ বাওঁতীয়া পেচাৰ উইলিয়াম টপলীৰ অভাৰত একেৰাহে তিনিটা ছয় মাৰে। তেওঁ ২৭টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। অৱশ্যে হাৰ্দিক পাণ্ডিয়াৰ এক দুৰ্দান্ত থ্ৰ’ই মুম্বাইক পুনৰ মেচলৈ আনে। মাত্ৰ ২ ৰানত ৰান আউট হৈছিল শশাংক সিং।

কিন্তু যি দলত শ্ৰেয়াছৰ দৰে ক্ৰিকেটাৰ থাকে, তেওঁলোকৰ শংকা নাই। ৪১টা বলত অপৰাজিত ৮৭ ৰান সংগ্ৰহ কৰি তেওঁ এককভাৱে খেলখন জয়ী কৰি খেলপথাৰ এৰি থৈ যায়। পাঁচবাৰৰ চেম্পিয়ন দলটোক তেওঁৰ সন্মুখত অসহায় যেন লাগিছিল। পঞ্জাৱৰ জয়ৰ লগে লগে ফাইনেলত আৰু দেখা নাযাব ৰোহিত-কোহলিৰ যুঁজ। অৱশ্যে ১৮ নং আই পি এলত এইবাৰ নতুন চেম্পিয়ন আহিব।

বৰষুণ প্ৰভাৱিত খেলখনত পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম তিনিটা অভাৰত ৰোহিত আউট হোৱাৰ বাবে মুম্বাইয়ে শক্তিশালী আৰম্ভণি কৰিব পৰা নাছিল। অৱশ্যে প্ৰাৰম্ভিক জোকাৰণি অতিক্ৰম কৰি পাণ্ডিয়াৰ দলটোৱে শীঘ্ৰে ফৰ্মলৈ আহে। জনী বেয়াৰষ্টো আৰু তিলক ভাৰ্মাই ৫১ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। ২৪টা বলত ৩৮ ৰানৰ ইনিংছ খেলি আউট হৈছিল বেয়াৰষ্টোৱে।

ইয়াৰ পিছত সাৱলীল আছিল সূৰ্যকুমাৰ যাদৱ। ২৬ বলত ৪৪ ৰানৰ বিধ্বংসী ইনিংছ খেলাৰ পিছত চাহালৰ বলত আউট হয়। তথাপি তেওঁ এটা অভিলেখ গঢ়ি তুলিছিল। ১৫ ৰান কৰাৰ লগে লগেই তেওঁ এবি ডি ভিলিয়াৰ্ছৰ অভিলেখ ভংগ কৰে। নন অ’পেনিং বেটছমেন হিচাপে তেওঁৰ এটা ছিজনত ৬৮৭ ৰানৰ অভিলেখ আছিল। ২০১৬ চনৰ ছিজনত ১৬খন মেচ খেলি ‘এবিডি’ই এই অভিলেখ গঢ়ি তুলিছিল। সেই অভিলেখ ভংগ কৰিলে সূৰ্য্যই। এই ছিজনত ১৪খন মেচত তেওঁ ৭১৭ ৰান কৰে।

তিলক ভাৰ্মাও ২৯টা বলত ৪৪ ৰান সংগ্ৰহ কৰি আউট হৈছিল। একেৰাহে দুটা উইকেট হেৰুৱাইও নমন ধীৰৰ সৌজন্যত মুম্বাইৰ ইনিংছে ২০০ৰ সীমা অতিক্ৰম কৰে। নমনে ১৫টা বলত ৩৩ ৰান কৰে। শেষত মুম্বাইৰ ইনিংছ ৬ উইকেটত ২০৩ ৰানত অন্ত পৰে। পঞ্জাৱৰ হৈ আজমতুল্লাহ ওমৰজাই ২ টা উইকেট, কাইল জেমিছন, মাৰ্কাছ ষ্টয়নিছ, বিজয় কুমাৰ বৈশাক আৰু যুজবেন্দ্ৰ চাহালে ১ টাকৈ উইকেট দখল কৰে।

সংক্ষিপ্ত স্কোৰঃ

মুম্বাই ইণ্ডিয়ানছঃ ২০৩/৬ (সূৰ্য্যকুমাৰ ৪৪, তিলক ৪৪, ওমৰজাই ২/৪৩)

পঞ্জাব কিংছঃ ২০৭/৫ (শ্ৰেয়াছ ৮৭*, নেহাল ৪৮, অশ্বনী কুমাৰ ২/৫৫)।

পঞ্জাৱ কিংছ ৫ উইকেটত জয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd