• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Russia: দেশত হ্ৰাস পাইছে জনসংখ্যা; ১০ টি শিশু জন্ম দিয়া মহিলাসকলক ধনেৰে পুৰস্কৃত কৰিব পুটিনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2022 4:59 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Putin will give cash to women who bear 10 Kids ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৰ্তমান দেশৰ জনসংখ্যা সংকট দূৰ কৰাত গুৰুত্ব আৰোপ কৰিছে। কোভিড-১৯ মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত ৰাছিয়াত জনসংখ্যাৰ সংকটে দেখা দিছে। পুটিনে দেশৰ মহিলাসকলক সেই সংকটৰ পৰা ওলাই আহিবলৈ ১০ বা ততোধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে।

আনহাতে, পুটিনে মহিলাসকলক সেই কামৰ বাবে ধন পৰিশোধ কৰাৰো প্ৰস্তাৱ দিছে। দহটা কেঁচুৱা জন্ম দিবলৈ তথা সিঁহতক জীয়াই ৰখাৰ বাবে মহিলাসকলক ১৩,৫০০ পাউণ্ড পৰিশোধ কৰাৰ পদক্ষেপক বিশেষজ্ঞসকলে সংকটটো দূৰ কৰাৰ এক সৰ্বাত্মক প্ৰয়াস বুলি বৰ্ণনা কৰিছে।

লগতে পঢ়ক: Explosion hits Kabul mosque নামাজৰ সময়তে আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ, ২১ জনৰ মৃত্যু, বহু লোক আহত

Apply Now

ৰাছিয়াৰ ৰাজনীতি আৰু নিৰাপত্তা বিশেষজ্ঞ ড০ জেনি মেথাৰ্ছে মাদাৰ হিৰোইন নামেৰে পৰিচিত নতুন ৰাছিয়ান পুৰস্কাৰ প্ৰকল্পৰ বিষয়ে কয় যে হ্ৰাস পোৱা জনসংখ্যা বৃদ্ধিৰ বাবে পুটিনে ইয়াৰ ঘোষণা কৰিছে।

ৰাছিয়াত চলিত বছৰৰ মাৰ্চৰ পৰা দৈনিক কৰোনা ভাইৰাছৰ সৰ্বাধিক ঘটনা ধৰা পৰিছে। তাৰপিছতে জনসংখ্যা হ্ৰাসৰ ঘটনা ঘটিছে। তদুপৰি, ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত প্ৰায় ৫০,০০০ সৈন্য নিহত হৈছে। ড০ মেথাৰ্ছে কয় যে পুটিনে দীৰ্ঘদিন ধৰি কৈ আহিছে যে যিসকলৰ ডাঙৰ পৰিয়াল তেওঁলোক অধিক দেশপ্ৰেমী।

লগতে পঢ়ক: BJP leader’s rape case বিজেপি নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

তেওঁ কয়, “দহ বা ততোধিক সন্তান থকা মহিলাক ছোভিয়েট যুগৰ এই পুৰস্কাৰত মাদাৰ হিৰোইন বুলি কোৱা হৈছে। ইউক্ৰেইনৰ যুদ্ধৰ ফলত গভীৰ হৈ পৰা ৰাছিয়াৰ জনগাঁথনিগত সংকটৰ পৰা পুনৰুদ্ধাৰৰ এইটো এক প্ৰয়াস।”

নিৰ্দেশনা অনুসৰি, মহিলাসকলে তেওঁলোকৰ দশম সন্তানৰ প্ৰথম জন্মদিনত উপনীত হোৱাৰ পিছত ১ নিযুত ৰুবল অৰ্থাৎ প্ৰায় ১৩,৫০০ পাউণ্ড এককালীন ধন লাভ কৰিব। কিন্তু চৰ্তটো হৈছে যে তেওঁৰ বাকী নটা সন্তান তেতিয়াও জীৱিত থকিব লাগিব।

ডাঃ মেথাৰ্ছে কয়, “এইটো বাস্তৱ। এইটো এটা সৰ্বাত্মক প্ৰয়াস। ইয়াৰ অৰ্থ ৰাছিয়াই জনসংখ্যাৰ সমস্যাৰ সন্মুখীন হৈছে। ১৯৯০ ৰ দশকৰ পৰা ৰাছিয়াই প্ৰায়ে  দেশখনত জনসংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আহিছে।”

লগতে পঢ়ক: সন্ত্ৰাসবাদী কূটাঘাতৰ যো-জা! মহাৰাষ্ট্ৰৰ উপকূলত উদ্ধাৰ মাৰণাস্ত্ৰ ভৰ্তি নাও

তেওঁ লগতে কয়,”ইউক্ৰেইনৰ যুদ্ধৰ উপৰিও কোভিড-১৯ মহামাৰীয়ে ৰাছিয়াৰ জনসংখ্যা সঁচাকৈয়ে যথেষ্ট হ্ৰাস কৰিছে। সেয়েহে, এইটো স্পষ্টভাৱে ৰাছিয়াৰ মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ আৰু ডাঙৰ পৰিয়াল সৃষ্টিৰ বাবে উৎসাহিত কৰাৰ এক প্ৰয়াস।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd